Skip to content

যিয়ে আল্লাহৰ পথত যুদ্ধকাৰী ব্যক্তিক সহায়-সহযোগিতা কৰি যুদ্ধৰ বাবে সাজু কৰি তোলে, তেওঁ যেনিবা নিজেই যুদ্ধ কৰিলে। এইদৰে যিয়ে যুদ্ধকাৰী ব্যক্তিৰ পৰিয়ালৰ উত্তমৰূপে চোৱাচিতা কৰে, তেৱোঁ যোদ্ধাৰ সমান ছোৱাব লাভ কৰে।

ঝায়েদ বিন খালিদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

"যিয়ে আল্লাহৰ পথত যুদ্ধকাৰী ব্যক্তিক সহায়-সহযোগিতা কৰি যুদ্ধৰ বাবে সাজু কৰি তোলে, তেওঁ যেনিবা নিজেই যুদ্ধ কৰিলে। এইদৰে যিয়ে যুদ্ধকাৰী ব্যক্তিৰ পৰিয়ালৰ উত্তমৰূপে চোৱাচিতা কৰে, তেৱোঁ যোদ্ধাৰ সমান ছোৱাব লাভ কৰে।"

«مَنْ جَهَّزَ غَازِيًا فِي سَبِيلِ اللَّهِ فَقَدْ غَزَا، وَمَنْ خَلَفَ غَازِيًا فِي سَبِيلِ اللَّهِ بِخَيْرٍ فَقَدْ غَزَا».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যিয়ে যোদ্ধাৰ বাবে তেওঁৰ ভ্ৰমণৰ সম্বল যোগানত অৰিহণা যোগাব আৰু তেওঁৰ প্ৰয়োজন পূৰণত সহযোগিতা আগবঢ়াব, বিশেষকৈ অস্ত্ৰ-শস্ত্ৰ, বাহন, খাদ্য-সামগ্ৰী আৰু টকা-পইচা আদি। তেৱোঁ যোদ্ধাৰ দৰেই গণ্য হ'ব আৰু যোদ্ধাৰ দৰেই ছোৱাব লাভ কৰিব। এইদৰে যিয়ে যোদ্ধাৰ অনুপস্থিতিত তেওঁৰ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিব, তেওঁলোকৰ চোৱাচিতা কৰিব, তেৱোঁ যোদ্ধাৰ দৰেই গণ্য হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মুছলিমসকলক কল্যাণৰ ক্ষেত্ৰত সহায়-সহযোগিতা কৰিবলৈ উৎসাহিত কৰা হৈছে।

ইবনু হাজাৰে কৈছেঃ হাদীছটোত সেই ব্যক্তিৰ সৈতে সদাচৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে, যিয়ে মুছলিমসকলৰ কল্যাণৰ কামত নিয়োজিত থাকে অথবা তেনেকুৱা কোনো গুৰুত্বপূৰ্ণ কামত নিয়োজিত থাকে।

চৰীয়তৰ এটা সাধাৰণ নিয়ম হৈছে এই যে, যিয়ে কাৰোবাক আল্লাহৰ আনুগত্যত সহায় কৰিব, তেওঁ আমলকাৰী ব্যক্তিৰ দৰেই ছোৱাব লাভ কৰিব, আমলকাৰী ব্যক্তিৰ ছোৱাব অকণো হ্ৰাস কৰা নহ'ব।

সম্পাদক

ছহীহ বুখাৰী (4/ 27) (2843).

ছহীহ মুছলিম (3/ 1506) (1895).

অধিক (12)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 267).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص143).

كنوز رياض الصالحين.

لمجموعة من الباحثين (3/ 588).

لسان العرب.

لابن منظور (15/ 123).

شرح رياض الصالحين.

لابن عثيمين (2/ 374).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 202).