তোমালোকে মোৰ প্ৰশংসাত সীমালংঘন নকৰিবা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়ম সম্পৰ্কে সীমালংঘন কৰিছিল। মই হৈছোঁ আল্লাহৰ বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলিহে কোৱা।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকে মোৰ প্ৰশংসাত সীমালংঘন নকৰিবা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়ম সম্পৰ্কে সীমালংঘন কৰিছিল। মই হৈছোঁ আল্লাহৰ বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলিহে কোৱা।
«لَا تُطْرُونِي كَمَا أَطْرَتِ النَّصَارَى ابْنَ مَرْيَمَ؛ فَإِنَّمَا أَنَا عَبْدُهُ، فَقُولُوا: عَبْدُ اللهِ وَرَسُولُهُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰশংসাত আৰু গুণাৱলীত সীমালংঘন কৰিবলৈ তথা চৰীয়তৰ সীমা অতিক্ৰম কৰিবলৈ নিষেধ কৰিছে, উদাহৰণস্বৰূপে আল্লাহৰ বাবে নিৰ্দিষ্ট কোনো গুণ বা কৰ্ম তেখেতৰ বুলি দাবী কৰা, অথবা তেখেতে গায়েব জানে বুলি দাবী কৰা, নাইবা আল্লাহৰ সৈতে তেওঁকো প্ৰাৰ্থনা কৰা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়মৰ সৈতে কৰিছিল। তাৰ পিছত তেখেতে বৰ্ণনা কৰিছে যে, তেখেত হৈছে আল্লাহৰ বান্দা। লগতে তেখেতে নিৰ্দেশ দিছে যে, আমি যেন তেখেতক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলিয়ে কওঁ।
...:
প্ৰশংসা আৰু সন্মানৰ ক্ষেত্ৰত চৰীয়ত নিৰ্ধাৰিত সীমা উলংঘা কৰাৰ পৰা সতৰ্ক কৰা হৈছে, কাৰণ এইটো হৈছে শ্বিৰ্কত পতিত হোৱাৰ অন্যতম এটা মাধ্যম।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো বিষয়ৰ পৰা সতৰ্ক কৰিছিল সেইটোৱে আজি এই উম্মতত সংঘটিত হোৱা পৰিলক্ষিত হৈছে। এতেকে কিছুমানে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ক্ষেত্ৰত সীমালংঘন কৰিছে আকৌ আন কিছুমানে আহলে বাইতৰ নামত সীমালংঘন কৰিছে, আৰু আন কিছুমানে অলী আউলিয়াৰ নামত সীমালংঘন কৰা পৰিলক্ষিত হৈছে। ফলত আটায়ে শ্বিৰ্কত লিপ্ত হৈছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজকে আল্লাহৰ বান্দা বুলি দাবী কৰিছে। এই কথা স্পষ্ট কৰিবলৈ যে, তেখেত হৈছে আল্লাহৰ দাস তথা আল্লাহৰ আনুগত্যশীল বান্দা, গতিকে আল্লাহৰ বাবে নিৰ্দিষ্ট কোনো গুণ বা বৈশিষ্ট্য তেখেতৰ ক্ষেত্ৰত প্ৰযোজ্য কৰাটো বৈধ নহয়।
এইদৰে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে নিজকে ৰাছুল বুলি উল্লেখ কৰিছে। এই কথা স্পষ্ট কৰিবলৈ যে, তেখেত হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। গতিকে তেখেতক বিশ্বাস কৰা আৰু তেখেতৰ অনুসৰণ কৰা সকলোৰে বাবে অনিবাৰ্য।
ছহীহ বুখাৰী (4/ 167) (3445).
অধিক (6)
عمدة القاري شرح صحيح البخاري.
محمود بن أحمد بدر الدين العيني (16/ 37).
فتح الباري.
لابن حجر (6/ 490).
منار القاري شرح مختصر صحيح البخاري.
حمزة محمد قاسم (4/ 208).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (4)
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)التربية الأسلامية 1«كما أطْرتْ النّصارى ابْن مرْيم»
- موسوعة الأسئلة (المجموعة الأولى)«لَا تُطْرُونِي كَمَا أَطْرَتِ النَّصَارَى ابْنَ مَرْيَمَ، فَإِنَّمَا أَنَا عَبْدُهُ، فَقُولُوا: عَبْدُ اللهِ وَرَسُولُهُ»
- نبراس طالب (1)1«لاَ تُطْرُونِي([1]) كَمَا أَطْرَتْ النَّصَارَى ابْنَ مَرْيَمَ، فَإِنَّمَا أَنَا عَبْدُهُ، فَقُولُوا: عَبْدُ الله وَرَسُولُهُ»
- نبراس طالب (4)1«لَا تُطْرُونِي كَمَا أَطْرَتِ النَّصَارَى ابْنَ مَرْيَمَ، فَإِنَّمَا أَنَا عَبْدُهُ، فَقُولُوا: عَبْدُ اللهِ وَرَسُولُهُ»