Skip to content

মই তোমালোকক ৰোজা, নামাজ আৰু দান-খয়ৰাততকৈও অধিক উত্তম আমলৰ বিষয়ে অৱগত নকৰিমনে?

আবুদ দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"মই তোমালোকক ৰোজা, নামাজ আৰু দান-খয়ৰাততকৈও অধিক উত্তম আমলৰ বিষয়ে অৱগত নকৰিমনে?" তেওঁলোকে ক'লেঃ হয় নিশ্চয় জনাওক। তেখেতে ক'লেঃ "পৰস্পৰৰ মাজত মীমাংসা কৰা, কাৰণ পৰস্পৰৰ মাজত কাজিয়া লগোৱাটো হৈছে ধ্বংসৰ কাৰণ।"

«أَلاَ أُخْبِرُكُمْ بِأَفْضَلَ مِنْ دَرَجَةِ الصِّيَامِ وَالصَّلاَةِ وَالصَّدَقَةِ؟» قَالُوا: بَلَى، قَالَ: «صَلاَحُ ذَاتِ البَيْنِ، فَإِنَّ فَسَادَ ذَاتِ البَيْنِ هِيَ الحَالِقَةُ».

(আবু দাঊদ, তিৰমিজী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলে যে, মই তোমালোকক এনেকুৱা এটা আমলৰ বিষয়ে অৱগত নকৰিমনে, যিটো আমল নফল ৰোজা, নফল নামাজ আৰু দান-খয়ৰাততকৈও উত্তম? তেওঁলোকে ক'লেঃ হয়, নিশ্চয় কওক। তেখেতে ক'লেঃ সেইটো হৈছে দুই বিবাদকাৰীৰ মাজত মীমাংসা কৰি দিয়া। কাৰণ বিবাদৰ ফলত মানুহৰ মাজত বিভেদ, শত্ৰুতা, ঘৃণা আৰু বিচ্ছিন্নতা সৃষ্টি কৰে। মানুহৰ মাজত সম্পৰ্কৰ অৱনতিৰ ফলত যি ঘৃণাৰ সৃষ্টি হয়, সেইটো হৈছে এনেকুৱা এটা বৈশিষ্ট্য, যিয়ে দ্বীন আৰু দুনিয়া ধ্বংস কৰি দিয়ে তথা মচি দিয়ে, যিদৰে ক্ষুৰ আদিৰ দ্বাৰা চুলি খোৰোৱা হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা নীতি আছিল এই যে, তেখেতে চাহাবাসকলক প্ৰশ্ন কৰিছিল, আৰু উত্তৰ জানিবলৈ তেওঁলোকৰ মাজত অধিক আগ্ৰহ সৃষ্টি কৰিছিল।

তীবীয়ে কৈছেঃ হাদীছটোৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্ক ঠিক ৰাখিবলৈ উৎসাহিত কৰা হৈছে, আৰু ইয়াক বিনষ্ট কৰাৰ পৰা বিৰত থাকিবলৈ গুৰুত্ব আৰোপ কৰা হৈছে। কাৰণ সুসম্পৰ্কৰ ফলত আল্লাহৰ ৰছী দৃঢ়ভাৱে ধাৰণ কৰাৰ কাৰণ হয়, আৰু মুছলিমসকলৰ মাজত বিভাজন দূৰ কৰে। পক্ষান্তৰে সম্পৰ্কৰ অৱনতিৰ ফলত দ্বীন ধৰ্মৰ ক্ষেত্ৰত খুঁত সৃষ্টি কৰে। এতেকে যিয়ে ইয়াক সংশোধন কৰাৰ চেষ্টা কৰে আৰু এই অৱনতি দূৰ কৰাৰ চেষ্টা কৰে, তেওঁ এনেকুৱা এটা মৰ্যাদা লাভ কৰে, যিটো মৰ্যাদা নফল ৰোজা আৰু নফল নামাজত ব্যস্ত থকা ব্যক্তিয়ে অৰ্জন কৰিব নোৱাৰে।

সম্পাদক

ছুনান আবি দাঊদ (7/ 280) (4919).

ছুনান তিৰমিজী (4/ 244) (2509).

অধিক (2)

تحفة الأحوذي (7/ 179).

شرح سنن أبي داود للعباد (559/ 32).