Skip to content

তাৰ ওপৰত অভিসম্পাত নকৰিবা। আল্লাহৰ শপত! মই জনামতে সি আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত ভালপায়।

ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত এজন ব্যক্তি আছিল, যাৰ নাম আছিল আব্দুল্লাহ। মানুহে তাক হিমাৰ উপনামেৰে মাতিছিল। সেই ব্যক্তিজনে মাজে মাজে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হঁহুৱাইছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক শ্বাৰাব (সুৰা) সেৱনৰ অপৰাধত শাস্তি বিহিছিল। এদিন তাক নিচাগ্ৰস্ত অৱস্থাত উপস্থিত কৰা হ'ল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক বেত্ৰাঘাত কৰাৰ নিৰ্দেশ প্ৰদান কৰিলে। ফলত তাক বেত্ৰাঘাত কৰা হ'ল। তেতিয়া উপস্থিত লোকসকলৰ এজনে ক'লেঃ আল্লাহে ইয়াৰ ওপৰত অভিসম্পাত কৰক, নিচাগ্ৰস্ত অৱস্থাত তাক কিমান বাৰ যে অনা হ'ল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাৰ ওপৰত অভিসম্পাত নকৰিবা। আল্লাহৰ শপত! মই জনামতে সি আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত ভালপায়।"

أَنَّ رَجُلًا عَلَى عَهْدِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ اسْمُهُ عَبْدَ اللَّهِ، وَكَانَ يُلَقَّبُ حِمَارًا، وَكَانَ يُضْحِكُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَكَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَدْ جَلَدَهُ فِي الشَّرَابِ، فَأُتِيَ بِهِ يَوْمًا فَأَمَرَ بِهِ فَجُلِدَ، فَقَالَ رَجُلٌ مِنَ القَوْمِ: اللَّهُمَّ الْعَنْهُ، مَا أَكْثَرَ مَا يُؤْتَى بِهِ؟ فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لاَ تَلْعَنُوهُ، فَوَاللَّهِ مَا عَلِمْتُ أَنَّهُ يُحِبُّ اللَّهَ وَرَسُولَهُ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত এজন ব্যক্তি আছিল, যাৰ নাম আছিল আব্দুল্লাহ, তাৰ উপনাম আছিল হিমাৰ। সেই ব্যক্তিজনে মাজে সময়ে এনেকুৱা কথা কৈছিল, যাৰ ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাঁহিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক কেইবাবাৰো মাদক দ্ৰৱ্য সেৱনৰ অপৰাধত শাস্তি বিহিছিল। এদিন তাক নিচাগ্ৰস্ত অৱস্থাত ধৰি অনা হয়। তেখেতে তাৰ ওপৰত হদ জাৰি কৰাৰ নিৰ্দেশ দিয়ে, ফলত তাক বেত্ৰাঘাত কৰা হয়। উপস্থিতসকলৰ এজনে তাক নিন্দা কৰি আৰু ভৰ্ৎসনা কৰি কয়ঃ আল্লাহে তাৰ ওপৰত অভিসম্পাত বৰ্ষণ কৰক, ইয়াক কিমান বাৰ যে এইদৰে নিচাগ্ৰস্ত অৱস্থাত অনা হ'ল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ আল্লাহৰ ৰহমতৰ পৰা বিতাৰণৰ উদ্দেশ্যে তাৰ ওপৰত এইদৰে বদ্দুআ নকৰিবা। আল্লাহৰ শপত! মই জনামতে এওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল পায়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নিষিদ্ধ কাম কৰা আৰু সেই ব্যক্তিৰ অন্তৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মুহাব্বত থকা, এই দুটাৰ মাজত কোনো বিৰোধ নাই। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, সেই ব্যক্তিজনে আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল পায়। যদিও তাৰ দ্বাৰা কিবা এটা পাপকৰ্ম হৈছে।

কাবীৰাহ গুনাহত জৰিত কোনো ব্যক্তি যদি সেই গুনাহত অটল থকা অৱস্থাতে মৃত্যুবৰণ কৰে, সেই ব্যক্তি আল্লাহৰ ইচ্ছাৰ অধীন থাকিব। আল্লাহে ইচ্ছা কৰিলে তাক ক্ষমা কৰিব পাৰে আৰু ইচ্ছা কৰিলে শাস্তি বিহিব পাৰে। কিন্তু কোনো মুছলিম ব্যক্তিয়ে কেতিয়াও জাহান্নামত চিৰস্থায়ী নহ'ব।

নিৰ্দিষ্ট কোনো মাদক দ্ৰৱ্য সেৱনকাৰীক অভিশাপ কৰা অপছন্দনীয়। কাৰণ এনেকুৱা কোনো বাধা থাকিব পাৰে, যাৰ ফলত অভিশাপ কাৰ্যকৰী হোৱাৰ পৰা তাক ৰক্ষা কৰিব পাৰে। ইয়াৰ উপৰিও নিৰ্দিষ্ট কাৰোবাক অভিশাপ কৰিলে বা তাৰ ওপৰত বদ্দুআ কৰিলে সেই ব্যক্তি এনেকুৱা গুনাহত অধিক অটল হ'ব পাৰে, অথবা ব্যক্তিজন তাওবা কবূল হোৱাৰ ক্ষেত্ৰত হতাশ হ'ব পাৰে।

এনেকুৱা গুনাহত জৰিত ব্যক্তি বিশেষক নিৰ্দিষ্ট নকৰাকৈ অভিশাপ কৰা বৈধ।

সম্পাদক

ছহীহ বুখাৰী (8/ 158) (6780).

অধিক (2)

إرشاد الساري لشرح صحيح البخاري (9/ 452).

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (29/ 394).