Skip to content
ছুৰাসমূহৰ তালিকা /

البَقَرَة

البَقَرَة is chapter 2 of the Quran and has 286 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

286 আয়াতসমূহ ছুৰা নং 2
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

الٓمٓ

আলিফ-লাম-মীম।

Explanation & meanings · 1
  1. এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। কোৰআনৰ কেইবাটাও ছুৰা এনেকুৱা আখৰেৰে আৰম্ভ হৈছে। দৰাচলতে এইবোৰ হৈছে কিছুমান বৰ্ণমালা, পৃথকভাৱে ব্যৱহাৰ হ’লে এইবোৰৰ কোনো অৰ্থ নহয়। যেনে- (আলিফ, বা, তা ইত্যাদি)। কিন্তু ইয়াত এইবোৰ নিৰৰ্থকভাৱে ব্যৱহাৰ হোৱা নাই। কাৰণ কোৰআনত প্ৰজ্ঞাহীন একোৱেই নাই। এইবোৰ আখৰ ব্যৱহাৰ হোৱাৰ অন্যতম এটা প্ৰজ্ঞা হৈছে এই যে, এইবোৰ আখৰৰ দ্বাৰা মুশ্বৰিকসকলক প্ৰত্যাহ্বান জনোৱা হৈছে যে, এইবোৰ আখৰৰ দ্বাৰাই কোৰআনৰ বাক্য সজোৱা হৈছে, যিবোৰ আখৰ সম্পৰ্কে সিহঁত আগৰ পৰাই অৱগত, এইবোৰৰ দ্বাৰাই সিহঁতে কথা কয়, তথাপিও ইয়াৰ অনুৰূপ গ্ৰন্থ ৰচনা কৰিবলৈ সিহঁত অক্ষম। যদিও সিহঁত ভাষাজ্ঞানত অত্যন্ত পাৰ্গত। গতিকে এইটোৱে প্ৰমাণ কৰে যে, এইখন হৈছে আল্লাহৰ পৰা অৱতীৰ্ণ গ্ৰন্থ।

ذَٰلِكَ ٱلۡكِتَٰبُ لَا رَيۡبَۛ فِيهِۛ هُدٗى لِّلۡمُتَّقِينَ

এইখন সেই গ্ৰন্থ; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে (এইখন) পথ-নিৰ্দেশক।

ٱلَّذِينَ يُؤۡمِنُونَ بِٱلۡغَيۡبِ وَيُقِيمُونَ ٱلصَّلَوٰةَ وَمِمَّا رَزَقۡنَٰهُمۡ يُنفِقُونَ

যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।

وَٱلَّذِينَ يُؤۡمِنُونَ بِمَآ أُنزِلَ إِلَيۡكَ وَمَآ أُنزِلَ مِن قَبۡلِكَ وَبِٱلۡأٓخِرَةِ هُمۡ يُوقِنُونَ

আৰু যিসকলে ঈমান পোষণ কৰে তাৰ ওপৰত, যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল আৰু আখিৰাতৰ প্ৰতি তেওঁলোক পূৰ্ণ বিশ্বাসী।

أُوْلَٰٓئِكَ عَلَىٰ هُدٗى مِّن رَّبِّهِمۡۖ وَأُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ

তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত।