Skip to content
البَقَرَة /

আয়াত 217

2 : 217

আয়াত 217 of البَقَرَة (2 : 217). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

البَقَرَة আয়াতসমূহ 286
ছুৰা · البَقَرَة
অসমীয়া · Rafeeq
2 : 217

يَسۡـَٔلُونَكَ عَنِ ٱلشَّهۡرِ ٱلۡحَرَامِ قِتَالٖ فِيهِۖ قُلۡ قِتَالٞ فِيهِ كَبِيرٞۚ وَصَدٌّ عَن سَبِيلِ ٱللَّهِ وَكُفۡرُۢ بِهِۦ وَٱلۡمَسۡجِدِ ٱلۡحَرَامِ وَإِخۡرَاجُ أَهۡلِهِۦ مِنۡهُ أَكۡبَرُ عِندَ ٱللَّهِۚ وَٱلۡفِتۡنَةُ أَكۡبَرُ مِنَ ٱلۡقَتۡلِۗ وَلَا يَزَالُونَ يُقَٰتِلُونَكُمۡ حَتَّىٰ يَرُدُّوكُمۡ عَن دِينِكُمۡ إِنِ ٱسۡتَطَٰعُواْۚ وَمَن يَرۡتَدِدۡ مِنكُمۡ عَن دِينِهِۦ فَيَمُتۡ وَهُوَ كَافِرٞ فَأُوْلَٰٓئِكَ حَبِطَتۡ أَعۡمَٰلُهُمۡ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِۖ وَأُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ

পৱিত্ৰ মাহত যুদ্ধ কৰা সম্পৰ্কে মানুহে তোমাক প্ৰশ্ন কৰে; কোৱা, ‘এনে মাহত যুদ্ধ কৰাটো কঠিন অপৰাধ। কিন্তু আল্লাহৰ পথত বাধা প্ৰদান কৰা, আল্লাহৰ লগত কুফৰী কৰা, মছজিদুল হাৰামত বাধা দিয়া আৰু ইয়াৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাটো আল্লাহৰ ওচৰত তাতোকৈ বেছি অপৰাধ; আৰু ফিতনা (শ্বিৰ্ক) হৈছে হত্যা কৰাতকৈও কঠিন অপৰাধ। (জানি থোৱা) যদি সিহঁত সক্ষম হয় তেন্তে তোমালোকক তোমালোকৰ (সুপ্ৰতিষ্ঠিত) দ্বীনৰ পৰা ওভতাই লৈ নোযোৱা পৰ্যন্ত সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰি যাব। এতেকে তোমালোকৰ মাজৰ পৰা যিয়ে নিজৰ ধৰ্ম ত্যাগ কৰি কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিব তেন্তে (জানি থোৱা) পৃথিৱী আৰু আখিৰাতত সিহঁতৰ আমলসমূহ নিষ্ফল হৈ যাব; আৰু সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব’।