2 : 254
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَنفِقُواْ مِمَّا رَزَقۡنَٰكُم مِّن قَبۡلِ أَن يَأۡتِيَ يَوۡمٞ لَّا بَيۡعٞ فِيهِ وَلَا خُلَّةٞ وَلَا شَفَٰعَةٞۗ وَٱلۡكَٰفِرُونَ هُمُ ٱلظَّٰلِمُونَ
হে মুমিনসকল! আমি তোমালোকক যি জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে ব্যয় কৰা, সেই (শেষ বিচাৰৰ) দিৱস অহাৰ আগতে, যিদিনা ব্যৱসায়, বন্ধুত্ব আৰু চুপাৰিছ আদি একো নাথাকিব, আৰু কাফিৰসকলেই হৈছে যালিম।