2 : 200
فَإِذَا قَضَيۡتُم مَّنَٰسِكَكُمۡ فَٱذۡكُرُواْ ٱللَّهَ كَذِكۡرِكُمۡ ءَابَآءَكُمۡ أَوۡ أَشَدَّ ذِكۡرٗاۗ فَمِنَ ٱلنَّاسِ مَن يَقُولُ رَبَّنَآ ءَاتِنَا فِي ٱلدُّنۡيَا وَمَا لَهُۥ فِي ٱلۡأٓخِرَةِ مِنۡ خَلَٰقٖ
তাৰ পিছত যেতিয়া তোমালোকে হজ্জৰ যাৱতীয় কামসমূহ সমাপ্ত কৰিবা তেতিয়া (মিনাত) আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ (অজ্ঞতা যুগত) তোমালোকে নিজৰ পিতৃ-পুৰুষসকলক স্মৰণ কৰিছিলা অথবা তাতকৈও অধিক। মানুহৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীতেই (সকলো) দি দিয়া’। (জানি থোৱা) আখিৰাতত তাৰ বাবে কোনো অংশ নাই।