2 : 111
وَقَالُواْ لَن يَدۡخُلَ ٱلۡجَنَّةَ إِلَّا مَن كَانَ هُودًا أَوۡ نَصَٰرَىٰۗ تِلۡكَ أَمَانِيُّهُمۡۗ قُلۡ هَاتُواْ بُرۡهَٰنَكُمۡ إِن كُنتُمۡ صَٰدِقِينَ
আৰু সিহঁতে কয়, ‘ইয়াহূদী অথবা নাছাৰাৰ বাহিৰে আন কোনেও কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব’। এইটো সিহঁতৰ মিছা আশা মাথোন। কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেনেহ’লে প্ৰমাণ লৈ আহা’।