2 : 41
وَءَامِنُواْ بِمَآ أَنزَلۡتُ مُصَدِّقٗا لِّمَا مَعَكُمۡ وَلَا تَكُونُوٓاْ أَوَّلَ كَافِرِۭ بِهِۦۖ وَلَا تَشۡتَرُواْ بِـَٔايَٰتِي ثَمَنٗا قَلِيلٗا وَإِيَّٰيَ فَٱتَّقُونِ
আৰু মই যি অৱতীৰ্ণ কৰিছোঁ তোমালোকে তাৰ প্ৰতি ঈমান পোষণ কৰা। এইখন হৈছে তোমালোকৰ ওচৰত থকা গ্ৰন্থৰ সত্যতা প্ৰমাণকাৰী। গতিকে তোমালোকেই ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহ’বা আৰু তোমালোকে মোৰ আয়াতসমূহক সামান্য মূল্যত বিক্ৰী নকৰিবা। লগতে তোমালোকে কেৱল মোকেই ভয় কৰা।