2 : 60
۞ وَإِذِ ٱسۡتَسۡقَىٰ مُوسَىٰ لِقَوۡمِهِۦ فَقُلۡنَا ٱضۡرِب بِّعَصَاكَ ٱلۡحَجَرَۖ فَٱنفَجَرَتۡ مِنۡهُ ٱثۡنَتَا عَشۡرَةَ عَيۡنٗاۖ قَدۡ عَلِمَ كُلُّ أُنَاسٖ مَّشۡرَبَهُمۡۖ كُلُواْ وَٱشۡرَبُواْ مِن رِّزۡقِ ٱللَّهِ وَلَا تَعۡثَوۡاْ فِي ٱلۡأَرۡضِ مُفۡسِدِينَ
আৰু স্মৰণ কৰা, যেতিয়া মূছাই তেওঁৰ জাতিৰ বাবে পানী বিচাৰিলে, আমি ক’লোঁ, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’, ফলত বাৰটা নিজৰা প্ৰবাহিত হ’ল। প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱাৰ ঠাই জানি ল’লে। (মই ক’লোঁ) ‘তোমালোকে আল্লাহে দিয়া জীৱিকাৰ পৰা খোৱা আৰু সেৱন কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।