Skip to content
البَقَرَة /

আয়াত 85

2 : 85

আয়াত 85 of البَقَرَة (2 : 85). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

البَقَرَة আয়াতসমূহ 286
ছুৰা · البَقَرَة
অসমীয়া · Rafeeq
2 : 85

ثُمَّ أَنتُمۡ هَٰٓؤُلَآءِ تَقۡتُلُونَ أَنفُسَكُمۡ وَتُخۡرِجُونَ فَرِيقٗا مِّنكُم مِّن دِيَٰرِهِمۡ تَظَٰهَرُونَ عَلَيۡهِم بِٱلۡإِثۡمِ وَٱلۡعُدۡوَٰنِ وَإِن يَأۡتُوكُمۡ أُسَٰرَىٰ تُفَٰدُوهُمۡ وَهُوَ مُحَرَّمٌ عَلَيۡكُمۡ إِخۡرَاجُهُمۡۚ أَفَتُؤۡمِنُونَ بِبَعۡضِ ٱلۡكِتَٰبِ وَتَكۡفُرُونَ بِبَعۡضٖۚ فَمَا جَزَآءُ مَن يَفۡعَلُ ذَٰلِكَ مِنكُمۡ إِلَّا خِزۡيٞ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَيَوۡمَ ٱلۡقِيَٰمَةِ يُرَدُّونَ إِلَىٰٓ أَشَدِّ ٱلۡعَذَابِۗ وَمَا ٱللَّهُ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ

এতেকে তোমালোকেই সেইসকল লোক, যিসকলে নিজৰ মাজতেই হত্যাযজ্ঞ চলাইছা আৰু তোমালোকৰে এটা দলক সিহঁতৰ নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছা। অন্যায় আৰু সীমালংঘনৰ দ্বাৰা সিহঁতৰ বিৰুদ্ধে তোমালোকে এজনে আনজনৰ সহযোগিতা কৰিছা আৰু সিহঁত যেতিয়া বন্দীৰূপে তোমালোকৰ ওচৰত উপস্থিত হয় তেতিয়া তোমালোকে মুক্তিপণ আদায় কৰি সিহঁতক মুক্ত কৰা; অথচ সিহঁতক বহিষ্কাৰ কৰাটোৱে তোমালোকৰ ওপৰত হাৰাম আছিল। তেন্তে তোমালোকে কিতাবৰ কিছু অংশক বিশ্বাস কৰা আৰু কিছু অংশক অস্বীকাৰ কৰা নেকি? তেনেহ’লে (জানি থোৱা) তোমালোকৰ মাজৰ যিসকলে এনে কৰে পৃথিৱীৰ জীৱনত সিহঁতৰ বাবে একমাত্ৰ প্ৰতিফল হৈছে লাঞ্ছনা আৰু অপমান তথা কিয়ামতৰ দিনা সিহঁতক ওভতাই নিয়া হ’ব অতি কঠিন শাস্তিৰ পিনে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।