Skip to content

أبو حامد محمد بن محمد بن محمد الغزَّالي

الإسم

আবু হামিদ মুহাম্মদ ইবনে মুহাম্মদ ইবনে মুহাম্মদ আল-গাঝঝালী

اسم الشهرة

আবু হামিদ আল-গাঝঝালী

نبذة مختصرة

মুহাম্মদ ইবনে মুহাম্মদ ইবনে মুহাম্মদ আত-তুছী, আবু হামিদ আল-গাঝঝালী, ঝা আখৰত তাশ্বদীদ হ’ব। এইদৰেই হৰকত প্ৰদান কৰিছে ইবনুছ ছাম’আনী, ইবনুল আছীৰ, নৱাৱী, ইবনে খাল্লিকান, ইবনে দাকীকুল ঈদ, জাহাবী, ছুবকী, ছাখাৱী আৰু মুৰ্তাজা আঝ-ঝুবাদী প্ৰমুখসকলে। এই বিষয়ত মতানৈক্য থকাৰ পিছতো এইটোৱে গ্ৰহণযোগ্য মত। তেখেতৰ জন্ম হৈছিল ৪৫০ হিজৰীত। তেওঁ এজন উছুল শাস্ত্ৰবিদ আৰু শ্বাফেয়ী মজহাবৰ ফকীহ আছিল। তেওঁ ৰচিত কেইবাখনো গ্ৰন্থ আছে, যাৰ ভিতৰত অন্যতম হৈছে: এহয়ায়ে উলূমিদ্দীন, আল-মুস্তাফা ফী উচূলিল ফিকহ আৰু ফিকহৰ ক্ষেত্ৰত আল-অজীঝ, আল-ওৱাছিত আৰু আল-বাছীত। তেওঁ দৰ্শন শাস্ত্ৰতো মনোনিৱেশ কৰিছিল, তাৰ পিছত দৰ্শনৰ পৰা উভতি আহিছিল আৰু ইয়াৰ বিৰুদ্ধে খণ্ডনমূলক গ্ৰন্থ লিখিছিল। ইয়াৰ পিছত তেওঁ কালাম শাস্ত্ৰত মনোনিৱেশ কৰিছিল, আৰু তাত তেওঁ ইয়াৰ মূলনীতিসমূহ আৰু মাছআলাৰ মাজত ব্যুৎপত্তি অৰ্জন কৰিছিল, তাৰ পিছত তেওঁ তাৰ পৰাও উভতি আহিছিল; কাৰণ তেওঁৰ চকুত ধৰা পৰিছিল এই শাস্ত্ৰৰ অসাৰতা, অগ্ৰহণযোগ্যতা আৰু কালাম শাস্ত্ৰবিদসকলৰ নিজস্ব দ্বন্দ। যেতিয়া তেওঁ জীৱনত প্ৰথমবাৰ দাৰ্শনিকসকলৰ বিৰুদ্ধে উপনীত হৈছিল, তেতিয়া তেওঁ এজন কালাম শাস্ত্ৰবিদ আছিল আৰু তেতিয়াই তেওঁক ‘হুজ্জাতুল ইছলাম’ বুলি আখ্যায়িত কৰা হৈছিল; কাৰণ তেওঁ সিহঁতক নিৰুত্তৰ কৰি পেলাইছিল। ইয়াৰ পিছত তেওঁ বাতেনীসকলৰ তৰীকা গ্ৰহণ কৰিছিল আৰু তাৰ পৰাও উভতি আহিছিল। ফলত তেওঁ বাতেনীসকলৰ ভ্ৰান্ত আকীদাহবোৰ স্পষ্টৰূপে আঙুলিয়াই দিছিল আৰু সিহঁতে কোৰআন-ছুন্নাহ আৰু চৰীয়তৰ বিধানকলৈ কিদৰে খেলা কৰে সেই কথাটো দাঙি ধৰিছিল। ইয়াৰ পিছত তেওঁ ছুফীসকলৰ পথ অনুসৰণ কৰিছিল। ইবনুচ চলাহে তেওঁৰ বিষয়ে কৈছে: “আবু হামিদৰ বিষয়ে আৰু তেওঁৰ পৰা বহুত কথাই আছে। কিন্তু তেওঁৰ এই গ্ৰন্থসমূহৰ ফালে- অৰ্থাৎ যিবোৰ সত্যৰ বিৰুদ্ধে লিখা হৈছে- দৃষ্টিপাত কৰা উচিত নহয়। আমি এই ব্যক্তিজনৰ বিষয়ে মনে মনে থকা উচিত, তেওঁৰ বিষয়টো আল্লাহৰ ওপৰতে এৰি দিয়া উচিত।" জাহাবীয়ে কৈছে: "এই মানুহজনে দৰ্শন বিদ্যাক নিন্দা কৰি 'তাহাফুত' নামৰ এখন কিতাপ লিখিছিল।" আৰু তেওঁ তাত সিহঁতৰ দোষ-ত্ৰুটিবোৰ আঙুলিয়াই দিছিল, কিন্তু কিছুমান ঠাইত তেওঁ সিহঁতৰ কথাত একমত পোষণ কৰিছিল, এই ধাৰণাৰ বশৱৰ্তী হৈ সেইটোক সঠিক বুলি কৈছিল যে ই হৈছে দ্বীনৰ মুতাবিক। কিন্তু হাদীছৰ বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল আৰু বিবেকৰ ওপৰত ফয়চালাকাৰী ছুন্নাতে নবাৱী সম্পৰ্কেও তেওঁৰ কোনো অভিজ্ঞতা নাছিল। "ৰাছাইলু ইখৱানিছ চাফা" নামৰ এখন কিতাপৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাটো তেওঁৰ বাবে প্ৰিয় হৈ পৰিছিল, এইখন আছিল এটা গোপন ৰোগৰ সমতুল্য, যিটো দুৰাৰোগ্য খজুৱতি আৰু মাৰাত্মক বিষৰ দৰে আছিল। আবু হামিদ যদি মুখলিচসকলৰ ভিতৰত আটাইতকৈ মেধাৱী আৰু শ্ৰেষ্ঠ নহ’লহেঁতেন তেন্তে নিশ্চয় তেওঁ ধ্বংস হৈ গ’লহেঁতেন। গতিকে সাৱধান, সাৱধান, এনেকুৱা গ্ৰন্থৰ পৰা। তোমালোকে নিজৰ দ্বীনলৈ পূৰ্বৰ মানুহৰ সন্দেহৰ পৰা আঁতৰি থাকিবা; নহ’লে বিভ্ৰান্তিত পৰিবা।” আবু বকৰ ইবনুল আৰাবীয়ে কৈছে: "আমাৰ শ্বাইখ আবু হামিদ: তেওঁ দাৰ্শনিকসকলক গিলি পেলাইছে আৰু পিছত সিহঁতক বমি কৰি উলিয়াবলৈ চেষ্টা কৰিছিল, কিন্তু উলিয়াব পৰা নাই।" কাজী আয়াজে কৈছে, “আবু হামিদ আছিল অতি নিকৃষ্ট জ্ঞান আৰু তথ্যৰ বাহক, ভয়ংকৰ ভুল কিতাপৰ লেখক। তেওঁ ছুফীবাদকলৈ অতিৰঞ্জিত কৰিছে, আৰু সিহঁতৰ মাজহাবক সহায় কৰাত নিজকে নিয়োজিত কৰিছিল আৰু ইয়াৰ প্ৰচাৰকত পৰিণত হৈছিল। এই শাস্ত্ৰত তেওঁ নিজৰ বিখ্যাত গ্ৰন্থ লিখিছিল- অৰ্থাৎ এহয়াউ উলুমিদ্দীন - আৰু তাৰ পৰাই কেইবাটাও স্থান সমালোচিত হৈছে, আৰু উম্মতৰ ধাৰণা তেওঁৰ বিষয়ে বেয়া হৈ পৰিছে। আল্লাহেই তেওঁৰ গোপন তথ্য সম্পৰ্কে অৱগত। আমাৰ ওচৰলৈ চুলতানৰ আদেশ আৰু ফকীহসকলৰ ফতোৱা বাস্তৱায়িত হৈছে, আৰু সেয়া হৈছে: সেইবোৰক জ্বলাই দিয়া আৰু সেইবোৰৰ পৰা আঁতৰি থকা, গতিকে সেয়া কাৰ্যকৰী হৈছে।" ইবনুল জাউঝীয়ে কৈছে: “আবু হামিদে ‘ওহয়াউ উলুমিদ্দীন’নামক এখন কিতাপ লিখিছে আৰু তেওঁ তাত জাল আৰু বনোৱাট হাদীছৰ দ্বাৰা পৰিপূৰ্ণ কৰিছে, কিন্তু তেওঁ সেইবোৰৰ সত্যতা সম্পৰ্কে অৱগত নাছিল। তেওঁ কাশ্বফৰ বিষয়ে আলোচনা কৰিছে আৰু ফিকাহ শাস্ত্ৰৰ নিয়ম-কানুনৰ পৰা ওলাই গৈছে।”৫০৫ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
الدر الثمين في أسماء المصنفين (ص 83)، تاريخ الإسلام (11/62)، سير أعلام النبلاء (19/ 322، 335، 343)، طبقات الشافعية الكبرى (6/191)، فتح المغيث (3/ 15)، ضبط الأعلام (ص144-150)، الأعلام للزركلي (7/22).