أبو بكر الصديق عبد الله بن أبي قحافة عثمان بن عامر القرشي التيمي
الإسم
আবু বকৰ আচ-চিদ্দীক্ব আব্দুল্লাহ ইবনে আবি কুহাফা উছমান ইবনে আ-মিৰ আল-কুৰাশ্বী আত-তাইমী
اسم الشهرة
আবু বকৰ আচ-ছিদ্দীক্ব -ৰাদ্বিয়াল্লাহু আনহু-
نبذة مختصرة
আবু বকৰ আচ-চিদ্দীক্ব আব্দুল্লাহ ইবনে আবি কুহাফা উছমান ইবনে আমিৰ আল-কুৰাশ্বী আত-তাইমী। তেওঁ আছিল ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খলীফা। পুৰষসকলৰ মাজত তেৱেঁই সৰ্বপ্ৰথম ইছলাম গ্ৰহণ কৰিছিল। লগতে তেওঁ আশ্বাৰায়ে মুবাশ্বশ্বাৰা বা জান্নাতৰ সুসংবাদ প্ৰাপ্তসকলৰ অন্যতম আছিল। হিজৰতৰ সময়ত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে গুহাত অৱস্থান কৰিছিল, গুহাত সঙ্গী হোৱাৰ মৰ্যাদা একমাত্ৰ তেৱেঁই অৰ্জন কৰিছিল। তেওঁৰ বিষয়ে আল্লাহে কোৰআনৰ আয়াত অৱতীৰ্ণ কৰিছে, যিবোৰ কিয়ামত পৰ্যন্ত তিলাৱত কৰা হ’ব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ কন্যাক বিয়া কৰাইছিল। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে সকলো যুদ্ধতে অংশগ্ৰহণ কৰিছিল। নবীৰ পিছত তেৱেঁই হৈছে এই উম্মতৰ শ্ৰেষ্ঠ ব্যক্তি। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুবৰণ কৰাৰ পূৰ্বে অসুস্থ থকা অৱস্থাত তেৱেঁই জামাআতৰ ইমামতি কৰিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বিষয়ে কৈছে, নিজৰ ধন-সম্পদ আৰু সংগৰ দ্বাৰা মানুহৰ মাজৰ পৰা মোক আটাইতকৈ বেছি আবু বকৰে সহায় কৰিছে, মোৰ প্ৰতিপালকৰ বাহিৰে মই যদি আন কাৰোবাক খলীল হিচাপে গ্ৰহণ কৰিলোঁহেঁতেন তেন্তে মই আবু বকৰকে গ্ৰহণ কৰিলোঁহেঁতেন। কিন্তু তেওঁৰ সৈতে মুহাব্বত আৰু ভাতৃত্ববোধৰ বান্ধোন আছে।”এই হাদীছটোক বুখাৰীয়ে বৰ্ণনা কৰিছে। তেওঁ ১৩ হিজৰীত মৃত্যুবৰণ কৰিছে।