সময় সংকুচিত নোহোৱালৈকে ক্বিয়ামত সংঘটিত নহ'ব,
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"সময় সংকুচিত নোহোৱালৈকে ক্বিয়ামত সংঘটিত নহ'ব, তেতিয়া বছৰ হ'ব মাহৰ দৰে, মাহ হ'ব সপ্তাহৰ দৰে, সপ্তাহ হ'ব দিনৰ দৰে, আৰু দিন হ'ব ঘণ্টাৰ দৰে, আৰু ঘন্টা হ'ব খেজুৰ গছৰ ঠাৰি এডালত থকা পাতবোৰ জ্বলি ছাই হ'বলৈ যিমান সময় লাগে সিমান।”
«لَا تَقُومُ السَّاعَةُ حَتَّى يَتَقَارَبَ الزَّمَانُ، فَتَكُونَ السَّنَةُ كَالشَّهْرِ، وَيَكُونَ الشَّهْرُ كَالْجُمُعَةِ، وَتَكُونَ الْجُمُعَةُ كَالْيَوْمِ، وَيَكُونَ الْيَوْمُ كَالسَّاعَةِ، وَتَكُونَ السَّاعَةُ كَاحْتِرَاقِ السَّعَفَةِ الْخُوصَةُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, ক্বিয়ামতৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, ক্বিয়ামতৰ আগমূহুৰ্তত সময় সংকুচিত হৈ যাব। ফলত বছৰ মাহৰ দৰে পাৰ হৈ যাব। মাহ সপ্তাহৰ দৰে পাৰ হ'ব, সপ্তাহ এটা দিনৰ দৰে পাৰ হ'ব, দিন ঘণ্টাৰ দৰে পাৰ হ'ব, আনহাতে ঘণ্টা ইমান তেজ গতিত পাৰ হ'ব যে, খেজুৰৰ পাত পুৰি পেলাওঁতে যিমান সময় লাগে, ঘণ্টা সিমান সময়তে পাৰ হ'ব।
...:
ক্বিয়ামতৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, ক্বিয়ামতৰ আগমূহুৰ্তত সময়ৰ বৰকত উঠাই লোৱা হ'ব আৰু ই তেজ গতিত পাৰ হ'ব।
মুছনাদ আহমদ (16/ 550) (10943).
অধিক (4)
معالم السنن (4/341).
فتح الباري (13/16).
شرح سنن أبي داود لابن رسلان (16/678).
تحفة الأحوذي (6/514).