Skip to content

আল্লাহে পৃথিৱীক নিজৰ মুঠিৰ ভিতৰত লব আৰু আকাশমণ্ডলক নিজৰ সোঁ হাতত মেৰিয়াই লৈ ক'বঃ ময়েই ৰাজাধিৰাজ। পৃথিৱীৰ শাসকসকল ক'ত?

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ

"আল্লাহে পৃথিৱীক নিজৰ মুঠিৰ ভিতৰত লব আৰু আকাশমণ্ডলক নিজৰ সোঁ হাতত মেৰিয়াই লৈ ক'বঃ ময়েই ৰাজাধিৰাজ। পৃথিৱীৰ শাসকসকল ক'ত?"

«يَقْبِضُ اللَّهُ الأَرْضَ، وَيَطْوِي السَّمَوَاتِ بِيَمِينِهِ، ثُمَّ يَقُولُ: أَنَا المَلِكُ، أَيْنَ مُلُوكُ الأَرْضِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, ক্বিয়ামতৰ দিনা আল্লাহে পৃথিৱীক নিজৰ মুঠিত আৱদ্ধ কৰি লব, আৰু আকাশমণ্ডলক নিজৰ সোঁ হাতত এটাৰ ওপৰত এটাক ৰাখি মেৰিয়াই লব, আৰু সেইবোৰক ধ্বংস কৰি দিব। তাৰ পিছত তেওঁ ক'বঃ ময়েই ৰাজাধিৰাজ, পৃথিৱীৰ বাদশ্বাহসকল আজি ক'ত?

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ইয়াৰ দ্বাৰা এই কথা স্মৰণ কৰোৱা হৈছে যে, আল্লাহৰ ৰাজত্ব চিৰস্থায়ী। পক্ষান্তৰে সকলোৰে ৰাজত্ব ক্ষণস্থায়ী।

লগতে এই কথা বুজোৱা হৈছে যে, আল্লাহ মহা প্ৰতাপশালী, সৰ্বশক্তিমান, অধিকাৰ আৰু ক্ষমতাৰ ক্ষেত্ৰত তেওঁ স্বয়ংসম্পূৰ্ণ তথা পূৰ্ণাংগ ৰাজত্বৰ অধিকাৰী।

সম্পাদক

ছহীহ বুখাৰী (6/ 126) (4812).

ছহীহ মুছলিম (4/ 2148) (2787).

অধিক (3)

فتح الباري (13/367).

عمدة القاري شرح صحيح البخاري (23/ 101).

البحر المحيط الثجاج (43/324).