Skip to content

হে আব্বাছ, হে ৰাছুলৰ খুৰা! আল্লাহৰ ওচৰত আখিৰাত আৰু দুনিয়াৰ নিৰাপত্তা কামনা কৰক।

আব্বাছ বিন আব্দুল মুত্তালিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

"মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কিবা শিকাওক যিটো মই সৰ্বশক্তিমান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম। তেখেতে ক'লেঃ "আল্লাহৰ ওচৰত নিৰাপত্তা কামনা কৰক।" কিছুদিন পিছত মই আকৌ আহিলোঁ আৰু ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কিবা শিকাওক যিটো মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম। তেতিয়া তেখেতে মোক ক'লেঃ "হে আব্বাছ, হে ৰাছুলৰ খুৰা! আল্লাহৰ ওচৰত আখিৰাত আৰু দুনিয়াৰ নিৰাপত্তা কামনা কৰক।"

قُلْتُ: يَا رَسُولَ اللهِ، عَلِّمْنِي شَيْئًا أَسْأَلُهُ اللَّهَ عَزَّ وَجَلَّ. قَالَ: «سَلِ اللَّهَ العَافِيَةَ»، فَمَكَثْتُ أَيَّامًا ثُمَّ جِئْتُ فَقُلْتُ: يَا رَسُولَ اللهِ، عَلِّمْنِي شَيْئًا أَسْأَلُهُ اللَّهَ. فَقَالَ لِي: «يَا عَبَّاسُ، يَا عَمَّ رَسُولِ اللهِ، سَلِ اللَّهَ العَافِيَةَ فِي الدُّنْيَا وَالآخِرَةِ».

(তিৰমিজী, আহমদ)
ছহীহ লি গাইৰিহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এটা দুআ শিকিব বিচাৰিলে যিটোৰ দ্বাৰা তেওঁ আল্লাহৰ ওচৰত দুআ কৰিব। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক দুনিয়া আৰু আখিৰাতৰ অনিষ্ট তথা বিপদ-আপদৰ পৰা নিৰাপত্তা বিচাৰি দুআ কৰিবলৈ শিকালে। আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ কিছু দিন পিছত মই আকৌ গ'লোঁ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ যে, মোক এটা দুআ শিকাওক, যাতে মই সেইটোৰে আল্লাহৰ ওচৰত দুআ কৰিব পাৰোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক চেনেহৰ সৈতে মাতি ক'লে, হে আব্বাছ, ৰাছুল্লাহৰ খুৰা! সকলো প্ৰকাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত নিৰাপত্তা কামনা কৰক, লগতে দুনিয়া আৰু আখিৰাতৰ কল্যাণ কামনা কৰক।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে দ্বিতীয় বাৰ সোধাতো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই একেটা উত্তৰে প্ৰদান কৰিছিল। ইয়াৰ দ্বাৰা বুজা যায় যে, বান্দাই তাৰ প্ৰতিপালকৰ ওচৰত বিচৰা আটাইতকৈ কল্যাণকৰ বস্তুটো হৈছে নিৰাপত্তা কামনা কৰা।

হাদীছটোত নিৰাপত্তাৰ গুৰুত্ব বৰ্ণিত হৈছে। কাৰণ ইয়াৰ মাজত নিহিত আছে দুনিয়া আৰু আখিৰাতৰ কল্যাণ।

অতিৰিক্ত জ্ঞান আৰু কল্যাণ অৰ্জনত চাহাবাসকল খুবেই আগ্ৰহী আছিল।

সম্পাদক

ছুনান তিৰমিজী (5/ 491) (3514).

মুছনাদ আহমদ (3/ 303) (1783).

অধিক (9)

نزهة المتقين شرح رياض الصالحين (2/ 1014).

كنوز رياض الصالحين.

لمجموعة من الباحثين (17/ 468).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 566).

تطريز رياض الصالحين.

لفيصل المبارك (ص815).

شرح رياض الصالحين.

لابن عثيمين (6/ 40).