সিহঁতৰ সেই সত্য কথাটো জিনে (ফিৰিস্তাসকলৰ পৰা) অকস্মাৎ চোৰকৈ শুনি লৰ মাৰে আৰু সেইটো মানুহৰ মাজত থকা তাৰ প্ৰিয়জনক মুৰ্গীৰ মাতৰ দৰে শব্দৰে জনাই দিয়ে। ফলত সেই ব্যক্তিজনে এই এটা সত্য কথাৰ সৈতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰি প্ৰচাৰ কৰে।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
কিছুমান লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জ্যোতিষিৰ বিষয়ে প্ৰশ্ন কৰিলে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ "সিহঁতৰ কথাত কোনো সত্যতা নাই।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! সিহঁতে কোৱা কিছুমান কথা কেতিয়াবা কেতিয়াবা সত্য প্ৰমাণিত হয়। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সিহঁতৰ সেই সত্য কথাটো জিনে (ফিৰিস্তাসকলৰ পৰা) অকস্মাৎ চোৰকৈ শুনি লৰ মাৰে আৰু সেইটো মানুহৰ মাজত থকা তাৰ প্ৰিয়জনক মুৰ্গীৰ মাতৰ দৰে শব্দৰে জনাই দিয়ে। ফলত সেই ব্যক্তিজনে এই এটা সত্য কথাৰ সৈতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰি প্ৰচাৰ কৰে।"
سَأَلَ أُنَاسٌ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنِ الْكُهَّانِ، فَقَالَ لَهُمْ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لَيْسُوا بِشَيْءٍ» قَالُوا: يَا رَسُولَ اللهِ، فَإِنَّهُمْ يُحَدِّثُونَ أَحْيَانًا بِالشَّيْءِ يَكُونُ حَقًّا، فَقَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «تِلْكَ الْكَلِمَةُ مِنَ الْحَقِّ يَخْطَفُهَا الْجِنِّيُّ فَيَقُرُّهَا فِي أُذُنِ وَلِيِّهِ قَرَّ الدَّجَاجَةِ، فَيَخْلِطُونَ فِيهَا أَكْثَرَ مِنْ مِائَةِ كَذْبَةٍ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এনেকুৱা লোকৰ বিষয়ে প্ৰশ্ন কৰা হল, যিসকলে ভৱিষ্যৎ সম্পৰ্কীয় বিষয়ত আগজাননী দিয়ে। সেই প্ৰশ্নৰ উত্তৰত তেখেতে কৈছে যে, তোমালোকে সিহঁতৰ কথাক গুৰুত্ব নিদিবা, সিহঁতৰ কথাক গ্ৰহণ নকৰিবা, আনকি সিহঁতৰ প্ৰতি ভ্ৰূক্ষেপো নকৰিবা। এই কথা শুনি চাহাবাসকলে ক'লে যে, কেতিয়াবা সিহঁতৰ কথাৰ সৈতে বাস্তৱতাৰ মিল পোৱা যায়। অৰ্থাৎ কেতিয়াবা সিহঁতে কয় যে, অমুক মাহৰ অমুক তাৰিখে এইটো ঘটনা ঘটিব আৰু সেইটো সঁচাকৈয়ে হয়। ইয়াৰ উত্তৰত তেখেতে কৈছেঃ দৰাচলতে জিনসকলে আকাশৰ পৰা কিছুমান কথা কাণ পাতি শুনাৰ চেষ্টা কৰে, তাৰে দুই এটা কথা শুনি সিহঁতে সিহঁতৰ মানৱ বন্ধুৰ মাজৰ পৰা জ্যোতিষিসকলক জনাই দিয়ে, ইপিনে সেই জ্যোতিষিয়ে সেই এটা সঁচা কথাৰ লগতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰি প্ৰচাৰ কৰি দিয়ে।
يخْطفُها: يأخذها بسرعة.
فَيَقُرُّهَا في أُذُنِ: يلْقِيهَا على مسَامِع.
قرَّ الدجاج: صوتها عند مخاطبة دجاجة أخرى.
জ্যোতিষিৰ কথাক বিশ্বাস কৰিবলৈ নিষেধ কৰা হৈছে। কাৰণ সিহঁতে যিবোৰ কথা কয় সেইবোৰ মিছা তথা মনেসজা। যদিও কাকতলীয়াভাৱে কিছুমান কথা কেতিয়াবা সঁচা প্ৰমাণিত হয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নবী হোৱাৰ পিছৰ পৰা আকাশক চয়তানৰ পৰা সুৰক্ষিত কৰা হৈছে, যাতে অহী সম্পৰ্কীয় কথা শুনিব নোৱাৰে। কিন্তু তথাপিও যদি কোনোবাই উল্কাপিণ্ডৰ পৰা সুৰক্ষিত থাকি চোৰকৈ কিবা শুনি পেলায় সেয়া সুকীয়া কথা।
জিনসকলে কিছুমান মানুহক নিজৰ বন্ধু বনাই লয়।
ছহীহ বুখাৰী (8/ 47) (6213).
ছহীহ মুছলিম (4/ 1750) (2228).
অধিক (9)
نزهة المتقين (2/ 1143).
كنوز رياض الصالحين.
لمجموعة من الباحثين (17/ 557).
بهجة الناظرين.
لسليم الهلالي (3/ 177).
مرقاة المفاتيح شرح مشكاة المصابيح.
لعلي القاري (7/ 2904).
شرح رياض الصالحين.
لابن عثيمين (6/ 404).