নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছে, যিসকলে চিঞৰি চিঞৰি কান্দা কটা কৰে, যিসকলে মূৰ খুৰায়, লগতে যিসকলে কাপোৰ কানি ফালি পেলায়।
আবু বুৰদা বিন আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আবু মুছা ৰাদ্বিয়াল্লাহু আনহু কঠিন বেমাৰত আক্ৰান্ত হ'ল, আনকি তেওঁ অচেতন হৈ পৰিল। সেই সময়ত তেওঁৰ মূৰ আছিল তেওঁৰ কোনো এজনী স্ত্ৰীৰ কোলাত। তেওঁ তাইক কোনো প্ৰতিক্ৰিয়া দিব পৰা নাছিল। তত ঘূৰাই পোৱাৰ পিছত তেখেতে ক'লেঃ সেইসকল লোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, যিসকলৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সম্পৰ্ক ছিন্ন কৰিছে। নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছে, যিসকলে চিঞৰি চিঞৰি কান্দা কটা কৰে, যিসকলে মূৰ খুৰায়, লগতে যিসকলে কাপোৰ কানি ফালি পেলায়।
وَجِعَ أَبُو مُوسَى وَجَعًا شَدِيدًا، فَغُشِيَ عَلَيْهِ وَرَأْسُهُ فِي حَجْرِ امْرَأَةٍ مِنْ أَهْلِهِ، فَلَمْ يَسْتَطِعْ أَنْ يَرُدَّ عَلَيْهَا شَيْئًا، فَلَمَّا أَفَاقَ، قَالَ: أَنَا بَرِيءٌ مِمَّنْ بَرِئَ مِنْهُ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، إِنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بَرِئَ مِنَ الصَّالِقَةِ وَالحَالِقَةِ وَالشَّاقَّةِ.
আবু বুৰদা ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, তেওঁৰ পিতা আবু মুছা ৰাদ্বিয়াল্লাহু আনহু অত্যন্ত অসুস্থ হৈ পৰাত বেহুঁচ হৈ পৰিছিল, সেই সময়ত তেওঁৰ মূৰ আছিল তেওঁৰ স্ত্ৰীৰ কোলাত। তেওঁ অজ্ঞান হৈ পৰাত নাৰীসকলে চিঞৰি উঠিছিল। তেওঁ বেহুঁচ হৈ পৰাৰ কাৰণে ইয়াৰ কোনো প্ৰতিক্ৰিয়া দিব পৰা নাছিল। তেওঁ যেতিয়া চেতনা ঘূৰাই পালে তেতিয়া ক'লেঃ মই সেইসকল নাৰীৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, যিসকলৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছে। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইসকল নাৰীৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছেঃ الصالقة: যি নাৰীয়ে বিপদ-আপদৰ সময়ত চিঞৰি চিঞৰি কান্দা কটা কৰে। والحالقة: যি নাৰীয়ে মুচিবৰত সময়ত নিজৰ মূৰ খুৰায়। والشاقة: এনেকুৱা নাৰী যিয়ে মুচিবতৰ সময়ত নিজৰ কাপোৰ ফালি পেলায়। কাৰণ এইবোৰ হৈছে অজ্ঞতা যুগৰ কৰ্ম। ইয়াৰ বিপৰীতে বিপদ-আপদৰ সময়ত ধৈৰ্য্য ধাৰণ কৰিব লাগে আৰু আল্লাহৰ ওচৰত ইয়াৰ ছোৱাব তথা প্ৰতিদান কামনা কৰিব লাগে।
বিপদ-আপদৰ সময়ত কাপোৰ ফালিবলৈ, মূৰ খুৰাবলৈ আৰু চিঞৰি চিঞৰি কান্দিবলৈ নিষেধ কৰা হৈছে। কাৰণ এইবোৰ হৈছে কাবীৰাহ গুনাহ বা মহাপাপ।
অশ্ৰু নিগৰিত হোৱা তথা নিম্নস্বৰে কান্দা কটা কৰাটো হাৰাম নহয়, লগতে এইটো আল্লাহৰ সিদ্ধান্তৰ ওপৰত ধৈৰ্য্য ধাৰণৰ পৰিপন্থীও নহয়। বৰং এইটো হৈছে ৰহমত।
কথা অথবা কৰ্মৰ দ্বাৰা কষ্ট পাই, আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰৰ ওপৰত অসন্তুষ্ট হোৱা হাৰাম।
বিপদ-আপদৰ সময়ত ধৈৰ্য্য ধাৰণ কৰা অনিবাৰ্য্য।
ছহীহ বুখাৰী (2/ 81) (1296).
ছহীহ মুছলিম (1/ 100) (104).
অধিক (4)
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص287).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (2/ 371).