তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ। কোৱা হ'লঃ হে আল্লাহৰ ৰাছুল! শাস্তি বিহিবলৈ দেখোন পৃথিৱীৰ এই জুয়েই যথেষ্ট আছিল। তেখেতে ক'লেঃ পৃথিৱীৰ জুইতকৈ জাহান্নামৰ জুইৰ তাপমাত্ৰা ৬৯ গুণ বৃদ্ধি কৰা হৈছে, প্ৰতিটো অংশতে ইয়াৰ সমপৰিমাণ উত্তাপ আছে।
«نَارُكُمْ جُزْءٌ مِنْ سَبْعِينَ جُزْءًا مِنْ نَارِ جَهَنَّمَ»، قِيلَ: يَا رَسُولَ اللَّهِ، إِنْ كَانَتْ لَكَافِيَةً. قَالَ: «فُضِّلَتْ عَلَيْهِنَّ بِتِسْعَةٍ وَسِتِّينَ جُزْءًا كُلُّهُنَّ مِثْلُ حَرِّهَا».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জাহান্নামৰ জুইৰ তুলনাত পৃথিৱীৰ জুই হৈছে সত্তৰ ভাগৰ এভাগ মাত্ৰ। গতিকে আখিৰাতৰ জুই পৃথিৱীৰ জুইতকৈ ৬৯ গুণ অধিক উত্তাপ সম্পন্ন হ'ব। জাহান্নামৰ প্ৰতিটো অংশতে একে সমান উত্তাপ বিৰাজ কৰিব। এই কথা শুনি প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! জাহান্নামীসকলক শাস্তি বিহিবলৈ দেখোন পৃথিৱীৰ জুয়েই যথেষ্ট আছিল। তেখেতে কৈছেঃ জাহান্নামৰ জুইক পৃথিৱীৰ জুইতকৈ ৬৯ গুণ বেছি প্ৰাধান্য দিয়া হৈছে। সেয়ে প্ৰতিটো ঠাইতে ইয়াৰ উত্তাপ একে সমান থাকিব।
...:
হাদীছটোৰ দ্বাৰা জাহান্নামৰ পৰা সতৰ্ক কৰা হৈছে, যাতে মানুহে সেইবোৰ কৰ্মৰ পৰা বিৰত থাকে যিবোৰ কৰ্ম কৰিলে মানুহ জাহান্নামী হয়।
হাদীছটোত জাহান্নামৰ জুইৰ ভয়াৱহতা আৰু ইয়াৰ শাস্তিৰ কথা উল্লেখ কৰিছে, লগতে ইয়াৰ প্ৰচণ্ড উত্তাপৰ বিষয়টো উল্লেখিত হৈছে।
ছহীহ বুখাৰী (4/ 121) (3265).
ছহীহ মুছলিম (4/ 2184) (2843).
অধিক (4)
المفهم (7/178).
التوضيح (19/177).
عمدة القاري شرح صحيح البخاري (15/ 165).
فتح الباري لابن حجر (6/ 334).