Skip to content

أحمد بن عبد الحليم بن عبد السلام بن تيمية

الإسم

আহমদ ইবনে আব্দুল হালীম ইবনে আব্দুছ ছালাম ইবনে তাইমিয়্যাহ

اسم الشهرة

ইবনে তাইমিয়্যাহ

نبذة مختصرة

আহমদ ইবনে আব্দুল হালিম ইবনে আব্দিছ ছালাম ইবনে তাইমিয়্যাহ আল হাৰ্ৰানী, শ্বাইখুল ইছলাম। তেওঁ সমান্তৰালকৈ ইমাম, মুজতাহিদ আৰু সমাজ সংস্কাৰক মুজাদ্দিদ আছিল। তেওঁৰ জন্ম হৈছিল ৬৬১ হিজৰীত। তেওঁ নাকলী (কোৰআন-ছুন্নাত) আৰু আকলী (যুক্তিবাদী) দুয়ো দিশতে জ্ঞানৰ সাগৰ আছিল। তেওঁ মেধাবী আৰু দ্ৰুত বুজাৰ ক্ষেত্ৰত এজন তৰাৰ নিচিনা ব্যক্তি আছিল। তেওঁক তাকী উদ্দিন বুলি কোৱাটো তেওঁ অপছন্দ কৰিছিল। তথাপিও তেওঁ সেই নামেৰে আৰু শ্বাইখুল ইছলাম নামেৰে খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ বিষয়ে আল্লামা ইবনে দাকীকুল ঈদে কৈছে: "মই যেতিয়া ইবনে তাইমিয়্যাক লগ পাইছিলোঁ, তেতিয়া দেখিছোঁ, তেওঁ এনেকুৱা এজন মানুহ যাৰ চকুৰ সন্মুখতে সকলো ইল্ম আছে। তেওঁ তাৰ পৰা যি লাগে সেইটো গ্ৰহণ কৰে আৰু যি মন যায় সেইটো ত্যাগ কৰে।”হাফিজ ইবনু হাজাৰে কৈছে: “তেওঁ ফিকহ শিকিছিল, আৰু তাত দক্ষতা অৰ্জন কৰিছিল আৰু এই ক্ষেত্ৰত শ্ৰেষ্ঠত্ব লাভ কৰিছিল। লগতে আৰু এখোপ আগুৱাই কিতাপ লিখিছিল, দাৰছ আৰু ফতোৱা প্ৰদান কৰিছিল। সমসাময়িকসকলৰ ওপৰত পদবীত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। দ্ৰুত স্মৰণ কৰা, প্ৰচণ্ড সংৰক্ষণ শক্তি, কোৰআন-ছুন্নাহ (নাকল) আৰু যুক্তি (বা আকল) উভয় ক্ষেত্ৰতে জ্ঞানগত ব্যাপকতা, পূৰ্বৱৰ্তী আৰু পৰবৰ্তী মাজহাবসমূহৰ বিষয়ে প্ৰশস্ত জ্ঞান আদিৰ ক্ষেত্ৰত তেওঁ এজন আচৰিত প্ৰতিভাৰ অধিকাৰী আছিল।" তেওঁৰ লেখামেলা অসংখ্য, আনকি জাহাবীয়ে কৈছে: "বৰ্তমান সময়ত তেওঁৰ লেখাৰ পৰিমাণ চাৰি হাজাৰ কিতাপ বা তাতকৈও অধিক যেন লাগে।" তেওঁৰ গ্ৰন্থসমূহৰ অন্যতম কেইখন গ্ৰন্থ যেনে- দাৰউ তা’আৰুদিল আকল অন নাকল, মিনহাজুছ ছুন্নাহ আন-নবাৱিয়্যাহ, আল-ইস্তিকামাহ, আল-জাৱাবুছ ছাহীহ লিমান বাদ্দালা দিনাল মাছীহ, বায়ানু তালবীচিল জাহমিয়্যাহ, ইকতিদাউছ চিৰাত আল-মুস্তাকীম লি মুখালিফাতি আচহাবিল জাহীম। ৭২৮ হিজৰীত তেওঁৰ মৃত্যু হৈছে।

المراجع

অধিক (1)
المعجم المختص بالمحدثين (ص: 25) معجم الشيوخ الكبير للذهبي (1/56) فوات الوفيات(1/74) ذيل التقييد (1/325) الأعلام للزركلي (1/144)