Skip to content

أبي بن كعب بن قيس بن عبيد الأنصاري

الإسم

উবাই ইবনে কা’ব ইবনে কায়েছ ইবনে উবাইদ আল-আনচাৰী

اسم الشهرة

উবাই বিন কাআব -ৰাদ্বিয়াল্লাহু আনহু-

نبذة مختصرة

আবুল মুনজিৰ তথা আবু তুফাইল উবাই ইবনে কা’ব ইবনে কায়েছ ইবনে উবাইদ আল-আনচাৰী আল-খাঝৰাজী। তেওঁ আছিল এজন সন্মানীয় চাহাবী। ছাহাবাসকলৰ মাজত তেওঁ এজন আলিম আছিল। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: "উবাই হৈছে মুছলিমসকলৰ নেতা।" ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক এবাৰ সুধিছিল, “হে আবুল মুনজিৰ! আপুনি জানেনে কোৰআনৰ কোনটো আয়াত আটাইতকৈ মহান?” উবাইয়ে কৈছে: মই ক’লোঁ: আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তাৰ পিছত আকৌ সুধিলেঃ “হে আবুল মুনজিৰ! আপুনি জানেনে কোৰআনৰ কোনটো আয়াত আটাইতকৈ মহান?” তেতিয়া মই ক’লোঁ: আল্লাহু লা ইলা-হা ইল্লা হুৱাল হাইয়্যুল কায়্যুম। উত্তৰ শুনি তেখেতে মোৰ বুকুত থপথপাই ক’লে: “আল্লাহৰ শপত! হে আবুল মুনজিৰ, আপোনালৈ এই জ্ঞান মুবাৰক।”এইদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক আৰু কৈছিল: “নিশ্চয় আল্লাহে মোক নিৰ্দেশ দিছে মই যেন তোমাক ছুৰা বায়্যিনাহ তিলাৱত কৰি শুনাওঁ।”এই কথা শুনি তেওঁ সুধিলে: আল্লাহে সঁচাই মোৰ নাম কাঢ়ি কৈছেনে? যেতিয়া তেখেতে উত্তৰ দিলে যে- হয়. তেতিয়া তেওঁ অশ্ৰুসিক্ত হৈ পৰিল। তেওঁৰ মৃত্যুৰ চন সম্পৰ্কে বহুত মতানৈক্য আছে। কিছুমানে কৈছে: ১৯ হিজৰী, আৰু কিছুমানে কৈছেঃ ২০ হিজৰী আৰু আন কিছুমানে কৈছে ৩২ হিজৰী।

المراجع

অধিক (1)
ছহীহ বুখাৰী (5/ 36، ح3809)، صحيح مسلم (1/ 550، ح799)، (1/ 556، ح810)، الطبقات الكبرى لابن سعد (3/378)، أسد الغابة (1/ 57)، تقريب التهذيب (ترجمة 283)، الإصابة (3/378)، تهذيب الأسماء واللغات (1/108)، الأعلام للزركلي (1/82).