أحمد بن محمد بن حنبل الشيباني الإمام
الإسم
ইমাম আহমদ ইবনে মুহাম্মদ ইবনে হাম্বল আশ্ব-শ্বাইবানী
اسم الشهرة
আহমদ ইবনে হাম্বল
نبذة مختصرة
ইমাম আবু আব্দুল্লাহ আহমদ ইবনে মুহাম্মদ ইবনে হাম্বল আশ্ব-শ্বাইবানী। তেওঁৰ জন্ম হৈছিল ১৬৪ হিজৰীত। তেওঁ ইছলামৰ এজন আলিম তথা বিদ্বান ব্যক্তি আছিল। তেওঁৰ জীৱনী সম্পৰ্কীয় আলোচনা বহুত তথা প্ৰসিদ্ধ। তেওঁৰ বিষয়ে ইমাম শ্বাফীয়ে কৈছে: "আহমদ আঠটা বিষয়ৰ ইমাম আছিল: হাদীছৰ ইমাম, ফিকাহৰ ইমাম, ভাষাৰ ইমাম, কোৰআনৰ ইমাম, দৰিদ্ৰতাৰ ইমাম, ত্যাগৰ ইমাম, আল্লাহ ভীৰুতাৰ ইমাম আৰু ছুন্নাহৰ ইমাম।" খাল্কে কোৰআন বা কোৰআন আল্লাহৰ সৃষ্টি নেকি (মুতাজিলাসকলৰ) এই মতবাদ সম্পৰ্কে তেওঁৰ অৱস্থান অতি গুৰুত্বপূৰ্ণ আছিল, যিয়ে তেওঁৰ জ্ঞান আৰু ধৈৰ্য্যৰ ইংগিত বহন কৰে। আনকি এই কাৰণে তেওঁক ‘ইমামু আহলিছ ছুন্নাহ’বুলি কোৱা হয়। অৰ্থাৎ বিদআত প্ৰসাৰৰ সময়ত তেওঁ ছুন্নাহ প্ৰতিষ্ঠা কৰিছিল। লগতে আন আন যিসকলক আহলুচ ছুন্নাহৰ ইমাম বুলি কোৱা হয়, তেওঁলোককো এই অৰ্থতেই কোৱা হয়। ইয়াৰ বিপৰীত দিশত আছে বিদাতীসকলৰ ইমাম; কাৰণ সিহঁতে বিদআত সৃষ্টি কৰে আৰু তাক (সমাজত) বিয়পায়। গতিকে ছুন্নাহৰ ইমামসকলৰ সৈতে ছুন্নাহৰ সম্পৃক্ততা হৈছে ইয়াক প্ৰতিষ্ঠা আৰু প্ৰসাৰ কৰাৰ কাৰণে। আনহাতে বিদ‘আতৰ ইমামসকলৰ সৈতে বিদ‘আতৰ সম্পৃক্ততা হৈছে, ইয়াক সৃষ্টি কৰি মানুহৰ মাজত প্ৰচাৰৰ কৰাৰ কাৰণে। ইমাম আহমদৰ গুৰুত্বপূৰ্ণ অৱদানসমূহৰ মাজত আছে: আল-মুছনাদ, আজ-জুহদ, আল-আশ্বৰিবাহ, ৰিছালাহ ফিল মুছীয়্যিছ ছালাহ, আৰ-ৰাদ্দু আলাজ ঝানাদিকাহ অল জাহমিয়্যাহ আদি। তেওঁৰ ছাত্ৰসকলে তেওঁৰ পৰা ষাঠি হাজাৰ মাছআলাহ বৰ্ণনা কৰিছে। তেওঁৰ মাজহাব উচুলী আৰু ফুৰুয়ী (মূল আৰু শাখাগত) উভয় ধৰণৰ মাছআলা সহকাৰে প্ৰতিষ্ঠা হৈছে। ২৪১ হিজৰীত তেওঁৰ মৃত্যু হৈছে।