এই কোৰআনৰ প্রতি যত্ন লোৱা তথা সদায় তিলাৱত কৰা। সেই মহান সত্তাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, উট যেনেকৈ ৰছীৰ পৰা অতর্কিতে ওলাই যায়, তাতকৈও অধিক অতর্কিতে [স্মৃতিৰ পৰা] কোৰআন ওলাই যায়।
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"এই কোৰআনৰ প্রতি যত্ন লোৱা তথা সদায় তিলাৱত কৰা। সেই মহান সত্তাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, উট যেনেকৈ ৰছীৰ পৰা অতর্কিতে ওলাই যায়, তাতকৈও অধিক অতর্কিতে [স্মৃতিৰ পৰা] কোৰআন ওলাই যায়।"
«تَعَاهَدُوا هَذَا الْقُرْآنَ، فَوَالَّذِي نَفْسُ مُحَمَّدٍ بِيَدِهِ لَهُوَ أَشَدُّ تَفَلُّتًا مِنَ الْإِبِلِ فِي عُقُلِهَا».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআনৰ প্ৰতি যত্ন লবলৈ নিৰ্দেশ দিছে তথা নিয়মিত তিলাৱত কৰিবলৈ উপদেশ দিছে, যাতে মুখস্থ কৰাৰ পিছত পাহৰি নাযায়। লগতে তেখেতে শপত খাই বিষয়টোৰ গুৰুত্ব বুজাইছে যে, ৰচীৰে বান্ধি থোৱা উট যেনেকৈ অতৰ্কিতে পলায়ন কৰে, ঠিক সেইদৰে যদি কোৰআন সদায় তিলাৱত কৰা নহয় তেন্তে তাতকৈও অধিক দ্ৰুত গতিৰে কোৰআন অন্তৰৰ পৰা গুচি যায়। যদি মানুহে নিয়মিত তিলাৱত কৰে তেন্তে ভালকৈ মুখস্থ থাকে আৰু যদি তিলাৱত কৰা বাদ দিয়ে তেন্তে স্মৃতিৰ পৰা হেৰাই যায়।
কোৰআনৰ হাফিজে যদি বাৰে বাৰে নিয়মিত কোৰআন তিলাৱত কৰে তেন্তে সঠিকভাৱে মুখস্থ থাকিব, অন্যথা পাহৰি যোৱাটো নিশ্চিত।
নিয়মিত কোৰআন তিলাৱত কৰাৰ অন্যতম উপকাৰ হৈছে, ছোৱাব তথা নেকী পোৱা যায়, আৰু কিয়ামতৰ দিনা উচ্চ মৰ্যাদা লাভ হ'ব।
ছহীহ মুছলিম (1/ 545) (791).
অধিক (7)
بهجة الناظرين شرح رياض الصالحين.
تأليف سليم الهلالي (2/ 231).
رياض الصالحين من كلام سيد المرسلين (ص299) (1002).
شرح رياض الصالحين.
للشيخ محمد بن صالح العثيمين (4/ 657).
كنوز رياض الصالحين.
لمجموعة من الباحثين (13/ 5).