কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
«يقالُ لصاحبِ القرآن: اقرَأ وارتَقِ، ورتِّل كما كُنْتَ ترتِّل في الدُنيا، فإن منزِلَكَ عندَ آخرِ آية تقرؤها».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যিয়ে কোৰআন মতে আমল কৰিছিল, কোৰআন কণ্ঠস্থ কৰিছিল আৰু দিনে নিশাই তিলাৱত কৰিছিল, সেই ব্যক্তি যেতিয়া জান্নাতত প্ৰৱেশ কৰিব তেতিয়া তাক কোৱা হ'বঃ কোৰআন তিলাৱত কৰা আৰু সেই অনুপাতে জান্নাতত ওপৰলৈ আৰোহণ কৰা, সেইদৰেই ধীৰস্থিৰে সুমধুৰ কণ্ঠত তিলাৱত কৰা যিদৰে পৃথিৱীত কৰিছিলা। জানি থোৱা, তোমাৰ ঠিকনা সেইটোৱে হ'ব, য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা।
...:
আমলৰ পৰিমাণ আৰু ধৰণ অনুপাতেই প্ৰতিদান দিয়া হ'ব।
কোৰআন তিলাৱত কৰা, কণ্ঠস্থ কৰা, হিফজ কৰা, গৱেষণা কৰা আৰু সেইমতে আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।
জান্নাতত অসংখ্য শ্ৰেণী তথা ধাপ আছে। কোৰআনৰ অধিকাৰীসকলে তাৰে উচ্চ শ্ৰেণী লাভ কৰিব।
ছুনান আবি দাঊদ (2/ 592) (1464).
ছুনান তিৰমিজী (5/ 35) (2914).
মুছনাদ আহমদ (11/ 403) (6799).
ছুনান আল-কুবৰা লিন নাছায়ী (7/ 272) (8002).
অধিক (3)
معالم السنن (1/290).
تحفة الأحوذي (8/187).
عون المعبود وحاشية ابن القيم (4/ 237).