নিশ্চয় তোমালোকৰ প্ৰতিপালক অত্যন্ত লজ্জাশীল, পৰম দানশীল। বান্দাই তেওঁৰ ওচৰত কিবা বিচাৰি হাত পাতিলে, তেওঁ সেই হাত খালী ঘূৰাই দিয়াত লজ্জাবোধ কৰে।
ছালমান ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"নিশ্চয় তোমালোকৰ প্ৰতিপালক অত্যন্ত লজ্জাশীল, পৰম দানশীল। বান্দাই তেওঁৰ ওচৰত কিবা বিচাৰি হাত পাতিলে, তেওঁ সেই হাত খালী ঘূৰাই দিয়াত লজ্জাবোধ কৰে।"
«إِنَّ رَبَّكُمْ حَيِيٌّ كَرِيمٌ، يَسْتَحْيِي مِنْ عَبْدِهِ إِذَا رَفَعَ يَدَيْهِ إِلَيْهِ أَنْ يَرُدَّهُمَا صِفْرًا».
দুআ কৰাৰ সময়ত দুয়ো হাত উত্তোলন কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে। লগতে তেখেতে জনাইছে যে, মহান আল্লাহ অত্যন্ত লজ্জাশীল। বান্দাই যেতিয়া কোনো এনেকুৱা কাম কৰে, যি কাম কৰিলে তেওঁ আনন্দিত হয়, লগতে বান্দাই যেতিয়া তেওঁৰ অসন্তুষ্টিমূলক কামৰ পৰা বিৰত থাকে, তেতিয়া তেওঁ তাক প্ৰদান কৰা বন্ধ নকৰে। তেওঁ অত্য়ন্ত দানশীল, যিয়ে নিবিচৰাকৈয়ে প্ৰদান কৰে, তেওঁৰ ওচৰত বিচাৰিলে তেওঁ প্ৰদান নকৰাকৈ থাকিবনে? মুমিন বান্দাই যেতিয়া দুয়ো হাত তুলি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ সেই হাত খালী অৱস্থাত ঘূৰাই দিয়াত লজ্জাবোধ কৰে।
বান্দাই আল্লাহৰ ওচৰত নিজকে যিমান নত কৰিব আৰু ইবাদতৰ জৰিয়তে তেওঁৰ ওচৰত অভাৱ-অনাটন আৰু প্ৰয়োজন আদি প্ৰকাশ কৰিব, সিমানেই দুআ কবুল হোৱাৰ আশা বৃদ্ধি পায়।
দুআ কৰাৰ সময়ত হাত উত্তোলন কৰিবলৈ উৎসাহিত কৰা হৈছে, এইটো মুস্তাহাব। লগতে এইটো হৈছে দুআ কবূল হোৱাৰ অন্যতম এটা উপায়।
বান্দাসকলৰ প্ৰতি আল্লাহ অত্যন্ত দয়াশীল, পৰম কৰুণাময়। তেওঁৰ ৰহমত অত্যন্ত প্ৰশস্ত।
ছুনান আবি দাঊদ (2/ 609) (1488).
ছুনান তিৰমিজী (5/ 521) (3556).
অধিক (6)
توضيح الأحكام من بلوغ المرام.
لعبد الله البسام (7/ 552).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 423).
فتح ذي الجلال والإكرام.
لابن عثيمين (6/ 483).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"إن ربكم حيي كريم، يستحي من عبده إذا رفع يديه إليه أن يردهما صفرًا خائبتين" .
- النفحات المكية في تفسير كتاب رب البرية الجزء الأول«إِنَّ رَبَّكُمْ حَيِيٌّ كَرِيمٌ، يَسْتَحْيِي مِنْ عَبْدِهِ إِذَا رَفَعَ يَدَيْهِ إِلَيْهِ أَنْ يَرُدَّهُمَا صِفْرًا» [4].
- ما لا يسع أطفال المسلمين جهله«إِنَّ رَبَّكُمْ تَبَارَكَ وَتَعَالَى حَيِيٌّ كَرِيمٌ، يَسْتَحْيِي مِنْ عَبْدِهِ إِذَا رَفَعَ يَدَيْهِ إِلَيْهِ أَنْ يَرُدَّهُمَا صِفْرًا»[169].