Skip to content

তোমালোকৰ মাজৰ কোনেও যেন নূন্যতম তিনিটা শিলগুটিতকৈ কমেৰে ইস্তিঞ্জা নকৰে।

ছালমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মুশ্বৰিকসকলে এবাৰ মোক ক’লে: আমি দেখি আছোঁ যে, তোমালোকৰ সংগীয়ে (নবীয়ে) তোমালোকক সকলো কথাই শিকায়, আনকি প্ৰস্ৰাৱ-পায়খানা কৰাৰ নিয়ম নীতিও শিকায়। ইয়াৰ উত্তৰত তেওঁ ক'লেঃ "হয়, নিশ্চয়। তেখেতে আমাক সোঁহাতেৰে লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰিছে। এইদৰে প্ৰস্ৰাৱ পায়খানাৰ সময়ত কিবলামুখী হৈ বহিবলৈ নিষেধ কৰিছে। লগতে তেখেতে আমাক গোবৰ আৰু হাড় আদিৰে ইস্তিঞ্জা কৰিবলৈ নিষেধ কৰিছে। তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ কোনেও যেন নূন্যতম তিনিটা শিলগুটিতকৈ কমেৰে ইস্তিঞ্জা নকৰে।"

قَالَ لَنَا الْمُشْرِكُونَ: إِنِّي أَرَى صَاحِبَكُمْ يُعَلِّمُكُمْ حَتَّى يُعَلِّمَكُمُ الْخِرَاءَةَ، فَقَالَ: أَجَلْ، إِنَّهُ نَهَانَا أَنْ يَسْتَنْجِيَ أَحَدُنَا بِيَمِينِهِ، أَوْ يَسْتَقْبِلَ الْقِبْلَةَ، وَنَهَى عَنِ الرَّوْثِ وَالْعِظَامِ وَقَالَ: «لَا يَسْتَنْجِي أَحَدُكُمْ بِدُونِ ثَلَاثَةِ أَحْجَارٍ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

ছালমান আল-ফাৰিছী ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, মুশ্বৰিকসকলে আমাক ঠাট্টা কৰি ক'লে যে, তোমালোকৰ নবীয়ে দেখোন তোমালোকক প্ৰতিটো বিষয়ে শিকায়, আনকি তোমালোকক শৌচ-প্ৰস্ৰাৱ কৰাৰ নীতি নিয়মো শিকায় যে, কিদৰে তোমালোকে প্ৰস্ৰাৱ কৰিবা আৰু কিদৰে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰিবা। ছালমান ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: হয়, তেখেতে আমাক প্ৰাকৃতিক প্ৰয়োজনৰ নিয়ম-নীতিও শিকায়। যেনে- শৌচ কাৰ্য্য সম্পন্ন কৰি সোঁ হাতেৰে পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰিছে, যাতে সোঁ হাত অপৱিত্ৰতাৰ পৰা সুৰক্ষিত থাকে আৰু ইয়াৰ মৰ্যাদা ৰক্ষা হয়। এইদৰে তেখেতে আমাক কিবলাৰ ফালে মুখ কৰি প্ৰস্ৰাৱ অথবা পায়খানা কৰিবলৈ নিষেধ কৰিছে। লগতে তেখেতে জীৱ-জন্তুৰ মল বা গোবৰ, হাড় আদিৰে ইস্তিঞ্জা কৰিবলৈ নিষেধ কৰিছে। এইদৰে লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ কমেও তিনিটা শিলগুটি ব্যৱহাৰ কৰিবলৈ কৈছে, তিনিটাতকৈ কম হ'লে যথেষ্ট নহয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ইছলামী চৰীয়ত পূৰ্ণাংগ তথা ব্যাপক বৈশিষ্ট্যৰ অধিকাৰী। ইয়াত মানুহৰ প্ৰয়োজনীয় সকলো বিষয় উল্লেখ আছে।

হাদীছটোত প্ৰস্ৰাৱ পায়খানা কৰাৰ পিছত পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাৰ কেইটামান শিষ্টাচাৰ বৰ্ণিত হৈছে।

প্ৰস্ৰাৱ পায়খানা কৰাৰ সময়ত কিবলামুখী হৈ বহা হাৰাম। কাৰণ হাদীছটোত "نهانا" শব্দ ব্যৱহাৰ হৈছে। নিষেধৰ মূল অৰ্থ হৈছে হাৰাম।

লজ্জাস্থান পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত সোঁ হাত ব্যৱহাৰ কৰিবলৈ নিষেধ কৰা হৈছে। সোঁহাতৰ এটা বিশেষ মৰ্যাদা আছে সেইকাৰণে।

সোঁ হাতক বাওঁ হাতৰ ওপৰত প্ৰাধান্য দিয়া হৈছে। কাৰণ বাওঁ হাতেৰে অপৱিত্ৰতা তথা ময়লা আৱৰ্জনা পৰিষ্কাৰ কৰা হয়। আনহাতে সোঁ হাত ইয়াৰ বিপৰীত কামত ব্যৱহাৰ হয়।

ময়লা তথা অপৱিত্ৰতাক পানী বা শিল আদিৰে পৰিষ্কাৰ কৰা অনিবাৰ্য্য। ময়লা কম হওক বা বেছি।

তিনিটাতকৈ কম শিলেৰে লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰা হৈছে। কাৰণ সাধাৰণতে তিনিটাতকৈ কম সংখ্যক কুলুখেৰে পৰিষ্কাৰ কৰিলে ভালদৰে পৰিষ্কাৰ নহয়।

যিটো বস্তুৰ দ্বাৰা পৱিত্ৰতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অৰ্জন হয় সেইটো ব্যৱহাৰ কৰিলেই যথেষ্ট। যদিও নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কেৱল শিলৰ কথা বিশেষভাৱে উল্লেখ কৰিছে, কাৰণ সেই সময়ত এইটোৱে সাধাৰণতে সহজলভ্য আছিল। এই ক্ষেত্ৰত ইয়াৰ কোনো বেলেগ অৰ্থ গ্ৰহণ কৰা নহয়।

ইস্তিঞ্জাৰ সময়ত বিজোৰ সংখ্যক (১, ৩, ৫ আদি) শিল বা পৰিষ্কাৰকাৰী বস্তু ব্যৱহাৰ কৰাটো মুস্তাহাব (প্ৰশংসনীয়)। যদি চাৰিটা শিলেৰে পৰিষ্কাৰ হৈ যায়, তেন্তে পঞ্চমটো শিল ব্যৱহাৰ কৰা উত্তম। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ কুলুখ ব্যৱহাৰ কৰে, সি যেন বিজোৰ সংখ্যক কুলুখ ব্যৱহাৰ কৰে।"

গোবৰৰ দ্বাৰা লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰা হৈছে, ইয়াৰ এটা কাৰণ হৈছে ই অপৱিত্ৰ আৰু আন এটা কাৰণ হৈছে, ই হৈছে জীনসকলৰ পশুৰ খাদ্য।

এইদৰে হাড় আদিৰ দ্বাৰা লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰা হৈছে। কাৰণ হয় এইটো অপৱিত্ৰ, নাইবা এইটো হৈছে জীনসকলৰ খাদ্য।

সম্পাদক

ছহীহ মুছলিম (1/ 224) (262).

অধিক (14)

مشارق الأنوار على صحاح الآثار.

عياض بن موسى اليحصبي السبتي.

معجم اللغة العربية المعاصرة.

أحمد مختار عبد الحميد عمر بمساعدة فريق عمل.

توضيح الأحكام شرح بلوغ المرام.

عبد الله بن عبد الرحمن البسام.

تسهيل الإلمام بفقه الأحاديث من بلوغ المرام.

صالح بن فوزان بن عبد الله الفوزان.

فتح ذي الجلال والإكرام شرح بلوغ المرام.

محمد بن صالح العثيمين.

منحة العلام في شرح بلوغ المرام.

عبد الله صالح الفوزان.

شرح سنن أبي داود.

عبد المحسن بن حمد بن عبد المحسن العباد.