সেই ব্যক্তি আমাৰ অন্তৰ্ভুক্ত নহয়, যিয়ে (শোকৰ সময়ত কান্দি কান্দি) গালত চৰিয়ায় আৰু বুকুৰ কাপোৰ ফালি পেলায় আৰু অজ্ঞতা যুগৰ মাত মাতে।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"সেই ব্যক্তি আমাৰ অন্তৰ্ভুক্ত নহয়, যিয়ে (শোকৰ সময়ত কান্দি কান্দি) গালত চৰিয়ায় আৰু বুকুৰ কাপোৰ ফালি পেলায় আৰু অজ্ঞতা যুগৰ মাত মাতে।"
«لَيْسَ مِنَّا مَنْ لَطَمَ الخُدُودَ، وَشَقَّ الجُيُوبَ، وَدَعَا بِدَعْوَى الجَاهِلِيَّةِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজ্ঞতা যুগত হোৱা কিছুমান কাম সম্পৰ্কে সতৰ্ক কৰিছে তথা নিষেধ কৰি কৈছে যে, "যিয়ে এইবোৰ কাম কৰে সি আমাৰ অন্তৰ্ভুক্ত নহয়।" প্ৰথমঃ যিয়ে (শোকৰ সময়ত) গালত চৰিয়ায়। বিশেষভাৱে গালৰ কথা উল্লেখ কৰাৰ কাৰণ যে, বেছিভাগ সময়তে এইটো হোৱা দেখা যায়। অন্যথা ইয়াৰ বাহিৰে বেলেগ ঠাইত চৰিয়াটোও নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত। দ্বিতীয়ঃ গভীৰ শোক প্ৰকাশ কৰিবলৈ শৰীৰৰ কাপোৰ ফালি পেলোৱা। তৃতীয়ঃ অজ্ঞতা যুগৰ দৰে চিঞৰি চিঞৰি কান্দা, উদাহৰণস্বৰূপে হায়! হায় কৰা, সৰ্বনাশ বুলি চিঞৰা, মাতম কৰা, বিলাপ কৰা আদি।
হাদীছটোত বৰ্ণিত এই সতৰ্কবাণীয়ে প্ৰমাণ কৰে যে, এইবোৰ হৈছে কাবীৰাহ গুনাহ।
বিপদত ধৈৰ্য্য ধাৰণ কৰা ওৱাজিব, কষ্টকৰ পৰিস্থিতিত আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰৰ ওপৰত অসন্তুষ্ট হোৱা হাৰাম, লগতে মাতম, বিলাপ, মূৰ খুৰোৱা অথবা কাপোৰ ফালি পেলোৱা আদিৰ দ্বাৰা এইবোৰ প্ৰকাশ কৰাও হাৰাম।
অজ্ঞতা যুগৰ কৰ্মৰ অনুসৰণ কৰা হাৰাম, কাৰণ সেইবোৰক চৰীয়তে অনুমোদন দিয়া নাই।
বিষন্ন হোৱা আৰু অশ্ৰু নিগৰি পৰাত কোনো বাধা নাই। এইটো আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰৰ ওপৰত ধৈৰ্য্য ধাৰণৰ পৰিপন্থী বিষয় নহয়। বৰং এইটো হৈছে এক প্ৰকাৰ দয়া, যিটোক আল্লাহে আত্মীয়সকলৰ অন্তৰত প্ৰদান কৰিছে।
মুছলিম ব্যক্তিয়ে আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰৰ ওপৰত সন্তুষ্ট হোৱা উচিত। যদি এই সন্তুষ্টি নাহে তেন্তে ধৈৰ্য্য ধাৰণ কৰা ওৱাজিব।
ছহীহ বুখাৰী (2/ 81) (1294).
ছহীহ মুছলিম (1/ 99) (103).
অধিক (4)
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص287).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (2/ 379).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- قاموس الكبائرموسوعة الكبائر - المجموعة الخامسة«لَيْسَ مِنَّا مَنْ لَطَمَ الْخُدُودَ، وَشَقَّ الْجُيُوبَ، وَدَعَا بِدَعْوَى الْجَاهِلِيَّةِ»
- ما لا يسع أطفال المسلمين جهله«لَيْسَ مِنَّا مَنْ لَطَمَ الخُدُودَ، وَشَقَّ الجُيُوبَ، وَدَعَا بِدَعْوَى الجَاهِلِيَّةِ»[187].
- مجموعة زاد الفقه (2)الفقه للمستوى الثاني ( مجموعة زاد )«ليس منا من لطم الخدود، وشق الجيوب، ودعا بدعوى الجاهليةِ».
- مجموعة زاد الفقه (2)الفقه للمستوى الثاني ( مجموعة زاد )«ليس منا من لطم الخدود، وشق الجيوب، ودعا بدعوى الجاهلية».
- مجموعة زاد التربية الإسلامية (3)، والسيرة النبوية (3)التربية الإٍسلامية -3- «لَيْسَ مِنَّا مَنْ لَطَمَ الخُدُودَ، وَشَقَّ الجُيُوبَ، وَدَعَا بِدَعْوَى الجَاهِلِيَّةِ»