আল্লাহে সেই ব্যক্তিক চিৰ উজ্জল কৰি ৰাখক, যিয়ে মোৰ পৰা কোনো বিষয় শুনে, আৰু সেইটো সেইদৰেই বেলেগক বৰ্ণনা কৰে যিদৰে তেওঁ শুনিছে। কিয়নো যিসকলক পৌঁচাই দিয়া হ'ব তেওঁলোকৰ মাজৰ কিছুমান লোক এনেকুৱা আছে, যিয়ে শ্ৰৱণকাৰীতকৈও অধিক ভালকৈ মুখস্থ ৰাখিব পাৰে।
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছে:
"আল্লাহে সেই ব্যক্তিক চিৰ উজ্জল কৰি ৰাখক, যিয়ে মোৰ পৰা কোনো বিষয় শুনে, আৰু সেইটো সেইদৰেই বেলেগক বৰ্ণনা কৰে যিদৰে তেওঁ শুনিছে। কিয়নো যিসকলক পৌঁচাই দিয়া হ'ব তেওঁলোকৰ মাজৰ কিছুমান লোক এনেকুৱা আছে, যিয়ে শ্ৰৱণকাৰীতকৈও অধিক ভালকৈ মুখস্থ ৰাখিব পাৰে।"
«نَضَّرَ اللَّهُ امْرَأً سَمِعَ مِنَّا شَيْئًا فَبَلَّغَهُ كَمَا سَمِعَ، فَرُبَّ مُبَلِّغٍ أَوْعَى مِنْ سَامِعٍ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুআ কৰিছে, সেই ব্যক্তিৰ মুখমণ্ডল আল্লাহে উজ্জল, জ্যোতিৰ্ময় কৰি ৰাখক, তথা পাৰ্থিৱ জীৱনত সতেজ কৰি ৰাখক, লগতে আল্লাহে তেওঁক জান্নাতৰ উজ্জলতা আৰু ইয়াৰ নিয়ামত দান কৰক আৰু আখিৰাততো উজ্জল কৰি ৰাখক, যিয়ে তেখেতৰ পৰা হাদীছ শ্ৰৱণ কৰে আৰু ভালকৈ মুখস্থ কৰি ৰাখে, যাতে বেলেগক পৌঁচাই দিব পাৰে। কিয়নো কেতিয়াবা যাক হাদীছ পৌঁচাই দিয়া হয়, তেওঁ হাদীছ শ্ৰৱণকাৰীতকৈও অধিক উত্তমৰূপে হাদীছৰ মূল তত্ব বুজিব পাৰে। এতেকে প্ৰথমজনে মুখস্থ ৰখা আৰু পৌঁচাই দিয়াত উত্তম আৰু দ্বিতীয়জন হৈছে বোধশক্তি আৰু মূল তত্ব আহৰণত উত্তম।
হাদীছ মুখস্থ ৰাখিবলৈ আৰু মানুহৰ মাজত হাদীছৰ প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
আহলে হাদীছৰ ফজীলত আৰু হাদীছ অন্বেষণকাৰীৰ মৰ্যাদা বৰ্ণিত হৈছে।
উলামাসকলৰ ফজীলত বৰ্ণিত হৈছে, যিসকলে পুঙ্খানুপুঙ্খভাৱে বুজি হাদীছৰ পৰা মছলা-মাছাঈলৰ সমাধান উলিয়ায়।
চাহাবাসকলৰ ফজীলত বৰ্ণিত হৈছে, কাৰণ তেওঁলোকেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা হাদীছ শুনি আমালৈ বৰ্ণনা কৰিছে।
মুনাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছ বৰ্ণনা কৰিবলৈ ফাকীহ হোৱাটো চৰ্ত নহয়। মুখস্থ ৰখাটোহে চৰ্ত। পক্ষান্তৰে ফাকীহ হ'বলৈ ভালকৈ বুজিব লাগিব আৰু চিন্তা গৱেষণা কৰিব পৰা হ'ব লাগিব।
যিয়েই হাদীছৰ জ্ঞান আহৰণ কৰে, তথা হাদীছ অনুসন্ধান কৰে তেওঁ এই হাদীছটোত কৰা দুআৰ অন্তৰ্ভুক্ত।
মুহাদ্দিছীনসকলৰ দৃষ্টিত হিফজ হৈছে দুই প্ৰকাৰঃ এটা হৈছে মুখস্থ কৰি ৰখা, আৰু আনটো হৈছে কিতাপ বা বহীত লিপিবদ্ধ কৰি ৰখা। উভয় প্ৰকাৰেই হাদীছটোত কৰা দুআৰ অন্তৰ্ভুক্ত।
মানুহৰ বোধ শক্তি ভিন ভিন। কেতিয়াবা বৰ্ণনাকাৰীতকৈ শ্ৰৱণকাৰীয়ে ভালকৈ সংৰক্ষণ কৰিব পাৰে। এইদৰে যিয়ে ইল্ম বহন কৰে কেতিয়াবা তেওঁ নিজেই ভালকৈ বুজি নাপায়।
ছুনান তিৰমিজী (4/ 394) (2657).
ছুনান ইবনে মাজাহ (1/ 157) (232).
মুছনাদ আহমদ (7/ 221) (4157).
অধিক (10)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 476).
شرح رياض الصالحين.
لابن عثيمين (5/ 446).
فيض القدير شرح الجامع الصغير.
لعبدالرؤوف المناوي (3/ 206).
كنوز رياض الصالحين.
لمجموعة من الباحثين (16/ 496).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 956).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (3)
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“نضر الله امرأ سمع منا شيئا فبلغه كما سمعه، فرب مبلغ أوعى من سامع”.
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 6«نَضَّرَ اللهُ امرأً سمعَ منَّا شيئاً فَبَلَّغَهُ كَمَا سمعَهُ، فرُبَّ مُبلَّغٍ أوْعَىٰ مِن سامِعٍ».
- نبراس طالب (5)1«نَضَّرَ اللهُ امْرَأً سَمِعَ مِنَّا حَدِيثًا فَبَلَّغَهُ»