أسامة بن زيد بن حارثة الكلبي
الإسم
উছামা বিন ঝায়েদ বিন হাৰিছা আল-কালাবী
اسم الشهرة
উছামা বিন ঝায়েদ বিন হাৰিছা -ৰাদ্বিয়াল্লাহু আনহুমা-
نبذة مختصرة
উছামাহ ইবনে ঝায়েদ ইবনে হাৰিছা ইবনে শ্বাৰাহীল ইবনে আব্দুল উজ্জা ইবনে ইমৰাউল কায়েছ আল-কালাবী। তেওঁ এজন সন্মানীয় চাহাবী আছিল। তেওঁ আছিল মাওলা (আজাদকৃত দাস), আমিৰ তথা দায়িত্বশীল ব্যক্তি। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰিয়পাত্ৰ আছিল তথা প্ৰিয়জনৰ পুত্ৰ আছিল, লগতে তেখেতৰ মুক্ত দাস আৰু মুক্ত দাসৰ পুত্ৰ আছিল। ছিৰিয়াৰ অভিযানত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক মুখ্য সেনাপতি নিযুক্ত কৰিছিল, যিটো সেনাবাহিনীত ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)কে ধৰি মহান চাহাবাসকল উপস্থিত আছিল। কিন্তু তেওঁলোক ওলোৱাৰ আগতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হ’ল। তাৰ পিছত আবু বকৰ চিদ্দীক ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক দ্ৰুত প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছিল। উছামাৰ পৰা বৰ্ণিত যে তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক আৰু হাছানক ধৰি কৈছিল: “হে আল্লাহ! মই এই দুয়োকে ভাল পাওঁ, গতিকে তুমিও এই দুজনক ভালপোৱা।" ৫৪ হিজৰীত তেওঁৰ মৃত্যু হৈছে।