প্রশ্নকাৰীয়ে কৈছেঃ মই মোৰ স্ত্রীকলৈ ওমৰাৰ বাবে ইয়াম্বু [ছৌদী আৰবৰ এটা প্রসিদ্ধ চহৰ]ৰ পৰা আহিছোঁ। কিন্তু জিদ্দাত আহি পোৱাৰ পিছত মোৰ স্ত্ৰী হায়েজত আক্ৰান্ত হৈছে। ফলত মই অকলেই ওমৰাৰ কাম সম্পন্ন কৰিছোঁ। এতিয়া মোৰ স্ত্রীৰ কৰণীয় কি?
السؤال
প্ৰশ্ন নং ১-
প্রশ্নকাৰীয়ে কৈছেঃ মই মোৰ স্ত্রীকলৈ ওমৰাৰ বাবে ইয়াম্বু [ছৌদী আৰবৰ এটা প্রসিদ্ধ চহৰ]ৰ পৰা আহিছোঁ। কিন্তু জিদ্দাত আহি পোৱাৰ পিছত মোৰ স্ত্ৰী হায়েজত আক্ৰান্ত হৈছে। ফলত মই অকলেই ওমৰাৰ কাম সম্পন্ন কৰিছোঁ। এতিয়া মোৰ স্ত্রীৰ কৰণীয় কি?
س55: لقد قدمت من ينبع للعمرة أنا وأهلي، ولكن حين وصولي إلى جدة أصبحت زوجتي حائضًا، ولكنّي أكملت العمرة بمفردي دون زوجتي، فما الحكم بالنّسبة لزوجتي؟
الجواب
উত্তৰঃ
আপোনাৰ স্ত্রীৰ কৰণীয় হৈছে, পৱিত্ৰ নোহোৱালৈকে মক্কাতেই অৱস্থান কৰা। পৱিত্ৰতা অৰ্জনৰ পিছত ওমৰাহ সম্পন্ন কৰিব।
কিয়নো যেতিয়া ছাফিয়্যাহ (ৰাদ্বিয়াল্লাহু আনহাই) হায়েজত আক্ৰান্ত হৈছিল, তেতিয়া ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছিল, “তাই আমাক ৰখাই দিলে নেকি”? সংবাদ দিওঁতাই ক’লেঃ তেওঁ তাৱাফে ইফাজা সম্পন্ন কৰিছে। এই শুনি ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ “তেনেহ’লে তাই যাব পাৰিব এতিয়া।”
এই হাদীছত নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ এই উক্তিয়ে “তাই আমাক ৰখাই দিলে নেকি?” প্রমাণ কৰে যে, তাৱাফে ইফাজাৰ আগত কোনো মহিলাই ঋতুগ্রস্ত হ’লে পৱিত্ৰ নোহোৱালৈকে মক্কাত অৱস্থান কৰিব লাগিব, পৱিত্ৰতা অৰ্জন কৰাৰ পিছতহে তাৱাফ কৰা তাইৰ ওপৰত আৱশ্যক।
ওমৰাৰ তাৱাফো তাৱাফে ইফাজাৰ দৰেই। কিয়নো এইটো ওমৰাৰ এটা ৰুকন। গতিকে ওমৰাহ কৰিবলৈ যোৱা কোনো নাৰী তাৱাফৰ আগতেই যদি হায়েজত আক্ৰান্ত হয় তেন্তে পৱিত্ৰতা অৰ্জন নকৰালৈকে অপেক্ষা কৰিব লাগিব, পৱিত্ৰতা অৰ্জনৰ পিছতহে তাৱাফ কৰিব পাৰিব।
ﺟ55: الحكم بالنّسبة لزوجتك: أن تبقى حتى تطهر، ثم تقضي عمرتها؛ لأن النبي ﷺ لـما حاضت صفية رضي الله عنها قال:
«أَحَابِسَتُنَا هِيَ؟» قَالُوا: إِنَّهَا قَدْ أَفَاضَتْ. قَالَ: «فَلْتَنْفِرْ إِذًا» [1]،
فقوله ﷺ: «أحابستنا هي؟» دليلٌ على أنه يجب على المرأة أن تبقى -إذا حاضت قبل طواف الإفاضة- حتى تطهر، ثمّ تطوف.
[27] تقدم تخريجه.
وكذلك طواف العمرة مثل طواف الإفاضة؛ لأنه ركنٌ من العمرة، فإذا حاضت المعتمرة قبل الطواف انتظرت حتى تطهر، ثم تطوف.