Skip to content

সাগৰৰ পানী পৱিত্ৰ আৰু ইয়াৰ মৃত প্ৰাণী হালাল।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ

এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, হে আল্লাহৰ ৰাছুল! আমি সাগৰীয় ভ্ৰমণত থাকোঁ, তেতিয়া আমাৰ সৈতে খুবেই কম পৰিমাণ পানী থাকে। যদি আমি সেই পানীৰে অজু কৰোঁ তেন্তে পিয়াহত থাকিবলগীয়া হয়, এনে ক্ষেত্ৰত আমি সাগৰৰ পানীৰে অজু কৰিব পাৰিমনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সাগৰৰ পানী পৱিত্ৰ আৰু ইয়াৰ মৃত প্ৰাণী হালাল।"

سَأَلَ رَجُلٌ رَسُولَ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: يَا رَسُولَ اللهِ، إِنَّا نَرْكَبُ البَحْرَ، وَنَحْمِلُ مَعَنَا القَلِيلَ مِنَ الْمَاءِ، فَإِنْ تَوَضَّأْنَا بِهِ عَطِشْنَا، أَفَنَتَوَضَّأُ مِنَ الْبَحْرِ؟ فَقَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: «هُوَ الطَّهُورُ مَاؤُهُ، الحِلُّ مَيْتَتُهُ».

আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

এজন চাহাবীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিছিল যে, আমি মাছ মাৰিবলৈ অথবা ব্যৱসায় বাণিজ্যৰ বাবে নাইবা এই ধৰণৰ কোনো প্ৰয়োজনৰ বাবে যেতিয়া সাগৰত ভ্ৰমণ কৰোঁ, তেতিয়া আমাৰ সৈতে খোৱাৰ উপযুক্ত অতি কম পৰিমাণৰ পানী থাকে। সেই খোৱা পানীৰে যদি আমি অজু অথবা গোছল কৰোঁ তেন্তে আমাৰ পানী শেষ হৈ যাব আৰু খাবলৈ পানী নাপাম। এনে অৱস্থাত আমি সাগৰৰ পানীৰে অজু কৰিব পাৰিমনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সাগৰৰ পানী সম্পৰ্কে ক'লেঃ সাগৰৰ পানী নিজেও পৱিত্ৰ আৰু আনকো পৱিত্ৰ কৰিব পৰা গুণ আছে। গতিকে সেই পানীৰে অজু কৰাও বৈধ আৰু গোছল কৰাও বৈধ। লগতে সাগৰৰ মাছ আৰু বিভিন্ন প্ৰাণী ভক্ষণ কৰাও হালাল, যদিও সেয়া চিকাৰ নকৰাকৈ মৃত অৱস্থাত পোৱা যায়, আৰু মৃত অৱস্থাত পানীৰ ওপৰত ভাহি থাকে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

সাগৰীয় মৃত প্ৰাণী ভক্ষণ কৰা হালাল। ইয়াৰ দ্বাৰা সেইবোৰ প্ৰাণীক বুজোৱা হৈছে, যিবোৰ প্ৰাণী পানীৰ বাহিৰে বেলেগ ক'তো জীৱিত থাকিব নোৱাৰে।

প্ৰশ্নকাৰীক তাৰ প্ৰশ্নতকৈ অধিক উত্তৰ প্ৰদান কৰা হৈছে যাতে পৰিপূৰ্ণৰূপে উপকৃত হ'ব পাৰে।

যদি পানীৰ সোৱাদ, ৰং অথবা গোন্ধ কোনো পৱিত্ৰ বস্তুৰ দ্বাৰা পৰিবৰ্তন হয়, তেন্তে পানীৰ পৱিত্ৰতা বিনষ্ট নহয়। যেতিয়ালৈকে পানীৰ মূল গুণ বাকী থাকিব, যদিও নিমখীয়া হয় অথবা গৰম হয় নাইবা অধিক ঠাণ্ডা হয়।

সাগৰৰ পানীৰে সৰু বৰ সকলো প্ৰকাৰ অপৱিত্ৰতা দূৰ কৰিব পাৰি। লগতে শৰীৰ অথবা কাপোৰ নাইবা বেলেগ ক'ৰবাত লাগি থকা অপৱিত্ৰতাও দূৰ কৰিব পাৰি।

সম্পাদক

ছুনান আবি দাঊদ (1/ 62) (83).

ছুনান তিৰমিজী (1/ 111) (69).

ছুনান নাছায়ী (1/ 50) (59).

ছুনান ইবনে মাজাহ (1/ 250) (386).

মুছনাদ আহমদ (12/ 171) (7233).

অধিক (6)

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (1/ 28).

فتح ذي الجلال والإكرام بشرح بلوغ المرام.

لابن عثيمين (1/ 59).

توضيح الأحكام شرح بلوغ المرام.

لعبد الله البسام (1/ 116).