ইছলাম আৰম্ভণিত অপৰিচিত আছিল। অচিৰেই পুনৰ সেই অপৰিচিত অৱস্থালৈ উভতি যাব। এতেকে সেই অপৰিচিত অৱস্থাত যিসকলে ইছলামৰ ওপৰত অটল থাকিব, তেওঁলোকৰ বাবে আছে সুসংবাদ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ইছলাম আৰম্ভণিত অপৰিচিত আছিল। অচিৰেই পুনৰ সেই অপৰিচিত অৱস্থালৈ উভতি যাব। এতেকে সেই অপৰিচিত অৱস্থাত যিসকলে ইছলামৰ ওপৰত অটল থাকিব, তেওঁলোকৰ বাবে আছে সুসংবাদ।"
«بَدَأَ الْإِسْلَامُ غَرِيبًا، وَسَيَعُودُ كَمَا بَدَأَ غَرِيبًا، فَطُوبَى لِلْغُرَبَاءِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ইছলামে আৰম্ভণিত অপৰিচিত অৱস্থাত আত্ম প্ৰকাশ কৰিছে, তেতিয়া মুছলিমসকলৰ সংখ্যা খুবেই তাকৰ আছিল। এইদৰে এটা সময় এনেকুৱা আহিব যেতিয়া পুনৰ সেই আগৰ অৱস্থালৈ ঘূৰি যাব। প্ৰকৃত মুছলিমৰ সংখ্যা তাকৰ হ'ব। এতেকে সেই সময়ত যিসকলে ইছলামী জীৱন যাপন কৰিব, তথা চৰীয়তি বিধি-বিধান ৰক্ষা কৰিব, তেওঁলোকৰ বাবে আছে সুসংবাদ তথা আনন্দদায়ক প্ৰতিদান।
হাদীছটোত এই সংবাদ দিয়া হৈছে যে, ইছলাম চৌদিশে প্ৰচাৰ হোৱাৰ পিছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব।
হাদীছটোত নবুওৱতৰ এটা আলামত নিহিত হৈ আছে। কাৰণ ইয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ পিছত ভৱিষ্যতে হ'বলগীয়া এটা বিষয় সম্পৰ্কে সংবাদ দিছে, আৰু সেইটো পৰবৰ্তী সময়ত সেইদৰেই সংঘটিত হৈছে যিদৰে তেখেতে জনাইছে।
হাদীছটোত ইছলামৰ খাতিৰত নিজৰ বংশ পৰিয়াল আৰু দেশ ত্যাগ কৰি হিজৰত কৰাৰ ফজীলত বৰ্ণিত হৈছে। লগতে তাৰ বাবে আছে জান্নাতৰ প্ৰতিশ্ৰুতি।
গুৰাবা কোৱা হয় সেইসকল লোকক, যিসকলে সেই সময়ত সৎপথত অটল থাকে, যেতিয়া মানুহে বিভ্ৰান্তিৰ পথত দলে বলে পতিত হয়। লগতে মানুহে সৃষ্টি কৰা বিসংগতিবোৰক তেওঁলোকেই সংশোধন কৰে।
ছহীহ মুছলিম (1/ 130) (145).
অধিক (2)
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (4/ 142).
إكمال المعلم بفوائد مسلم (1/ 456).