মহান আল্লাহে মোৰ উম্মতৰ সেইসমূহ বিষয় ক্ষমা কৰি দিছে, যিবোৰ তেওঁলোকৰ অন্তৰত উদয় হয়, যেতিয়ালৈকে সেইটো কাৰ্যত পৰিণত নহয় অথবা মুখেৰে প্ৰকাশ নকৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মহান আল্লাহে মোৰ উম্মতৰ সেইসমূহ বিষয় ক্ষমা কৰি দিছে, যিবোৰ তেওঁলোকৰ অন্তৰত উদয় হয়, যেতিয়ালৈকে সেইটো কাৰ্যত পৰিণত নহয় অথবা মুখেৰে প্ৰকাশ নকৰে।"
«إِنَّ اللَّهَ تَجَاوَزَ عَنْ أُمَّتِي مَا حَدَّثَتْ بِهِ أَنْفُسَهَا، مَا لَمْ تَعْمَلْ أَوْ تَتَكَلَّمْ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুছলিম ব্যক্তিৰ অন্তৰত এনেকুৱা কোনো কথা উদয় হ'লে যিটো কৰিলে পাপ হয়, সেইটো নকৰালৈকে তথা মুখেৰে উচ্চাৰণ নকৰালৈকে সেইটোক পাপ হিচাপে গণ্য কৰা নহয়। তেনেকুৱা বিষয়ক আল্লাহে ক্ষমা কৰি দিছে। উম্মতে মুহাম্মদীৰ অন্তৰত উদয় হোৱা তথা মনত কল্পনা কৰা বিষয়ক ক্ষমা কৰিছে, যেতিয়ালৈকে সেই বিষয়ে দৃঢ় সংকল্প নলয়, যদি আন্তৰিকভাৱে দৃঢ় সংকল্প লয় বা অন্তৰত দৃঢ় হৈ যায়, যেনে- অহংকাৰ কৰা, গৌৰৱ কৰা, নিফাক পোষণ কৰা, অথবা যেতিয়ালৈকে অন্তৰত উদয় হোৱা বিষয়টো আমলত পৰিণত নকৰে বা মুখেৰে উচ্চাৰণ নকৰে, যদি তেনেকুৱা কৰে তেন্তে সেই বিষয়ে জবাবদিহি কৰা হ'ব।
মহান আল্লাহে অন্তৰৰ চিন্তা-চৰ্চা আৰু মনত উদয় হোৱা কল্পনামূলক গুনাহক ক্ষমা কৰি দিছে, যিবোৰ বিষয় মানুহে অন্তৰত নিজে নিজেই কল্পনা কৰে।
এতেকে যদি কোনোবাই অন্তৰত তালাক দিয়াৰ কল্পনা কৰে, কিন্তু মুখেৰে প্ৰকাশ কৰা নাই তেন্তে যেতিয়ালৈকে মুখেৰে উচ্চাৰণ নকৰিব বা লিখা নহ'ব তেতিয়ালৈকে সেইটোক তালাক বুলি গণ্য কৰা নহ'ব।
অন্তৰত উদয় হোৱা বিষয় সম্পৰ্কে মানুহক জবাবদিহি কৰা নহ'ব, যদিও বিষয়টো যিমানেই ডাঙৰ নহওক কিয়। যেতিয়ালৈকে বিষয়টো অন্তৰত দৃঢ়ভাৱে অৱস্থান নকৰিব অথবা আমলত পৰিণত নহ'ব আৰু মুখেৰে উচ্চাৰণ নকৰিব।
অন্যান্য উম্মতৰ তুলনাত উম্মতে মুহাম্মদীক এইটো বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে যে, তেওঁলোকৰ অন্তৰত উদয় হোৱা বিষয় সম্পৰ্কে তেওঁলোকক জবাবদিহি কৰা নহ'ব।
ছহীহ বুখাৰী (7/ 46) (5269).
ছহীহ মুছলিম (1/ 116) (127).
অধিক (10)
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (7/ 560).
فتح ذي الجلال والاكرام بشرح بلوغ المرام.
لابن عثيمين (5/ 46).
توضِيحُ الأحكَامِ مِن بُلوُغ المَرَام.
للبسام (5/ 502).
حاشية السندي على سنن ابن ماجه.
للسندي (6/ 157).
البدرُ التمام شرح بلوغ المرام.
للمغربي (8/ 49).