Skip to content

যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।

আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সেই পানী সম্পৰ্কে প্ৰশ্ন কৰা হ'ল, য'ত ঘৰচীয়া জন্তু আৰু বনৰীয়া জন্তুৱে আহি পানী খায় (যে তেনেকুৱা পানীৰ বিধান কি?) তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ

"যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।"

«إِذَا كَانَ الْمَاءُ قُلَّتَيْنِ لَمْ يَحْمِلِ الْخَبَثَ».

আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সেই ঘাটৰ পানীৰ পৱিত্ৰতা সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল, য'ত বিভিন্ন জীৱ জন্তুৱে তথা হিংস্ৰ প্ৰাণীয়ে পানী খায়। তেতিয়া তেখেতে কৈছিলঃ যদি পানীৰ পৰিমাণ দুটা ডাঙৰ পাত্ৰ তথা প্ৰায় ২১০ লিটাৰ পৰিমাণৰ হয় তেন্তে সেই পানী অপৱিত্ৰ নহয়। কিন্তু যদি কোনো অপৱিত্ৰ বস্তুৰ দ্বাৰা পানীৰ তিনিটা বৈশিষ্ট্যৰ যিকোনো এটা বৈশিষ্ট্য পৰিবৰ্তন হয়, যেনে- পানীৰ ৰং, সোৱাদ, অথবা গোন্ধ, তেন্তে সেই পানী অপৱিত্ৰ বুলি বিবেচিত হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

যদি কোনো অপৱিত্ৰ বস্তুৰ দ্বাৰা পানীৰ এই তিনিটা বৈশিষ্ট্যৰ যিকোনো এটা বৈশিষ্ট্য পৰিবৰ্তন হয়, যেনে- পানীৰ ৰং, সোৱাদ আৰু গোন্ধ, তেন্তে সেই পানী অপৱিত্ৰ বুলি বিবেচিত হ'ব। হাদীছটোত পৰিবৰ্তনৰ কোনো নিৰ্দিষ্ট সীমা উল্লেখ নাই, পৰিবৰ্তনৰ উমান পোৱা গ'লেই সেইটো প্ৰযোজ্য।

উলামাসকল এই কথাত একমত যে, যদি কোনো অপৱিত্ৰ বস্তুৰ দ্বাৰা পানীৰ কোনো বৈশিষ্ট্য পৰিবৰ্তন হয়, সেয়া কম হওক বা বেছি তেন্তে সেই পানী অপৱিত্ৰ।

সম্পাদক

ছুনান আবি দাঊদ (1/ 46) (63).

ছুনান তিৰমিজী (1/ 109) (67).

ছুনান নাছায়ী (1/ 46) (52).

ছুনান ইবনে মাজাহ (1/ 324) (517).

মুছনাদ আহমদ (8/ 211) (4605).

অধিক (6)

توضيح الأحكام.

للبسام (1/ 121).

فتح ذي الجلال والإكرام بشرح بلوغ المرام.

لابن عثيمين (1/ 67).

منحة العلام.

لعبد الله الفوزان (1/ 35).