Skip to content
ছুৰাসমূহৰ তালিকা /

الإسرَاء

الإسرَاء is chapter 17 of the Quran and has 111 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

111 আয়াতসমূহ ছুৰা নং 17
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

سُبۡحَٰنَ ٱلَّذِيٓ أَسۡرَىٰ بِعَبۡدِهِۦ لَيۡلٗا مِّنَ ٱلۡمَسۡجِدِ ٱلۡحَرَامِ إِلَى ٱلۡمَسۡجِدِ ٱلۡأَقۡصَا ٱلَّذِي بَٰرَكۡنَا حَوۡلَهُۥ لِنُرِيَهُۥ مِنۡ ءَايَٰتِنَآۚ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ

পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, (মক্কাৰ) আল-মাছজিদুল হাৰামৰ পৰা (পেলিষ্টাইনৰ) আল-মাছজিদুল আক্বছালৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছোঁ, যাতে আমি তেওঁক আমাৰ নিদৰ্শনসমূহ দেখুৱাব পাৰোঁ; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

وَءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ وَجَعَلۡنَٰهُ هُدٗى لِّبَنِيٓ إِسۡرَٰٓءِيلَ أَلَّا تَتَّخِذُواْ مِن دُونِي وَكِيلٗا

আৰু আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু সেইখনক আমি বনী ইছৰাঈলৰ বাবে পথনিৰ্দেশক কৰি দিছিলোঁ। যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়কৰূপে গ্ৰহণ নকৰা।

ذُرِّيَّةَ مَنۡ حَمَلۡنَا مَعَ نُوحٍۚ إِنَّهُۥ كَانَ عَبۡدٗا شَكُورٗا

(তোমালোকেই হৈছা) তেওঁলোকৰ বংশধৰ! যিসকলক আমি নূহৰ সৈতে (নাৱত) আৰোহণ কৰাইছিলোঁ; নিশ্চয় তেওঁ আছিল পৰম কৃতজ্ঞ বান্দা।

وَقَضَيۡنَآ إِلَىٰ بَنِيٓ إِسۡرَٰٓءِيلَ فِي ٱلۡكِتَٰبِ لَتُفۡسِدُنَّ فِي ٱلۡأَرۡضِ مَرَّتَيۡنِ وَلَتَعۡلُنَّ عُلُوّٗا كَبِيرٗا

আৰু আমি (তাওৰাতত) কিতাবত বনী ইছৰাঈলক জনাই দিছিলোঁ যে, ‘নিশ্চয় তোমালোকে পৃথিৱীত দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিবা আৰু তোমালোকে অতিশয় অহংকাৰস্ফীত হ’বা’।

فَإِذَا جَآءَ وَعۡدُ أُولَىٰهُمَا بَعَثۡنَا عَلَيۡكُمۡ عِبَادٗا لَّنَآ أُوْلِي بَأۡسٖ شَدِيدٖ فَجَاسُواْ خِلَٰلَ ٱلدِّيَارِۚ وَكَانَ وَعۡدٗا مَّفۡعُولٗا

তাৰ পিছত এই দুটাৰ প্ৰথমটোৰ নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ’ল তেতিয়া তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমি আমাৰ অত্যন্ত শক্তিশালী বান্দাসকলক প্ৰেৰণ কৰিছিলোঁ, ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল। এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল।