17 : 5
فَإِذَا جَآءَ وَعۡدُ أُولَىٰهُمَا بَعَثۡنَا عَلَيۡكُمۡ عِبَادٗا لَّنَآ أُوْلِي بَأۡسٖ شَدِيدٖ فَجَاسُواْ خِلَٰلَ ٱلدِّيَارِۚ وَكَانَ وَعۡدٗا مَّفۡعُولٗا
তাৰ পিছত এই দুটাৰ প্ৰথমটোৰ নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ’ল তেতিয়া তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমি আমাৰ অত্যন্ত শক্তিশালী বান্দাসকলক প্ৰেৰণ কৰিছিলোঁ, ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল। এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল।