17 : 62
قَالَ أَرَءَيۡتَكَ هَٰذَا ٱلَّذِي كَرَّمۡتَ عَلَيَّ لَئِنۡ أَخَّرۡتَنِ إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ لَأَحۡتَنِكَنَّ ذُرِّيَّتَهُۥٓ إِلَّا قَلِيلٗا
সি (আৰু) কৈছিল, ‘চোৱাচোন! এইজন যাক তুমি মোৰ ওপৰত মৰ্যাদা দান কৰিলা, কিয়ামতৰ দিৱসলৈকে যদি তুমি মোক অৱকাশ দিয়া, তেনেহ’লে শপত কৰি কৈছোঁ, মই কিছু সংখ্যকৰ বাহিৰে ইয়াৰ গোটেই বংশধৰক নিশ্চয় মোৰ কৰ্তৃত্বাধীন কৰি পেলাম’।