17 : 68
أَفَأَمِنتُمۡ أَن يَخۡسِفَ بِكُمۡ جَانِبَ ٱلۡبَرِّ أَوۡ يُرۡسِلَ عَلَيۡكُمۡ حَاصِبٗا ثُمَّ لَا تَجِدُواْ لَكُمۡ وَكِيلًا
তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে, তেওঁ তোমালোকক স্থলৰ কোনো অঞ্চলতেই ভূগৰ্ভস্থ নকৰিব, অথবা তোমালোকৰ ওপৰত শিলা বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব? তেতিয়া কিন্তু তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক বিচাৰি নাপাবা।