Skip to content
ছুৰাসমূহৰ তালিকা /

النَّحل

النَّحل is chapter 16 of the Quran and has 128 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

128 আয়াতসমূহ ছুৰা নং 16
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

أَتَىٰٓ أَمۡرُ ٱللَّهِ فَلَا تَسۡتَعۡجِلُوهُۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ

আল্লাহৰ আদেশ আহিবই; এতেকে তোমালোকে তাক সোনকালে আনিবলৈ খৰখেদা নকৰিবা। তেওঁ অতি পৱিত্ৰ মহিমাময়, আৰু সিহঁতে যি অংশীদাৰ স্থাপন কৰে তাৰ পৰা তেওঁ (বহু) উৰ্দ্ধত।

يُنَزِّلُ ٱلۡمَلَٰٓئِكَةَ بِٱلرُّوحِ مِنۡ أَمۡرِهِۦ عَلَىٰ مَن يَشَآءُ مِنۡ عِبَادِهِۦٓ أَنۡ أَنذِرُوٓاْ أَنَّهُۥ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱتَّقُونِ

তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ প্ৰতি নিৰ্দেশ প্ৰদান কৰি ৰূহ (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এই বুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।

خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۚ تَعَٰلَىٰ عَمَّا يُشۡرِكُونَ

তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱীক সৃষ্টি কৰিছে; সিহঁতে যি অংশীদাৰ স্থাপন কৰে তেওঁ তাৰ পৰা (বহু) উৰ্দ্ধত।

خَلَقَ ٱلۡإِنسَٰنَ مِن نُّطۡفَةٖ فَإِذَا هُوَ خَصِيمٞ مُّبِينٞ

তেৱেঁই মানুহক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছে; অথচ চোৱা, সেই মানুহেই প্ৰকাশ্য বিতণ্ডাকাৰী!

وَٱلۡأَنۡعَٰمَ خَلَقَهَاۖ لَكُمۡ فِيهَا دِفۡءٞ وَمَنَٰفِعُ وَمِنۡهَا تَأۡكُلُونَ

আৰু চতুষ্পদ জন্তুবোৰ তেৱেঁই সৃষ্টি কৰিছে, তোমালোকৰ বাবে তাত আছে শীত নিবাৰণৰ উপকৰণ লগতে আৰু নানা ধৰণৰ উপকাৰ আছে আৰু সেইবোৰৰ কিছুমানক তোমালোকে ভক্ষণো কৰা।