Skip to content

আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল কোন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ "যাৰ অনিষ্টৰ পৰা তাৰ প্ৰতিৱেশী সুৰক্ষিত নহয়।

আবু শ্বুৰাইহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল কোন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ "যাৰ অনিষ্টৰ পৰা তাৰ প্ৰতিৱেশী সুৰক্ষিত নহয়।"

«وَاللَّهِ لاَ يُؤْمِنُ، وَاللَّهِ لاَ يُؤْمِنُ، وَاللَّهِ لاَ يُؤْمِنُ»، قِيلَ: وَمَنْ يَا رَسُولَ اللَّهِ؟ قَالَ: «الَّذِي لاَ يَأْمَنُ جَارُهُ بَوَايِقَهُ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত শপত খাইছে, আৰু গুৰুত্ব প্ৰদান কৰিবলৈ তিনিবাৰকৈ শপত খাইছে। তেখেতে কৈছেঃ আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। এই শুনি চাহাবাসকলে প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল, কোনজন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ যাৰ ভয়ত তথা অনিষ্টত আৰু অন্যায়-অত্যাচাৰত তাৰ প্ৰতিৱেশী শান্তিত থাকিব নোৱাৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

যাৰ অনিষ্টৰ পৰা তথা অন্যায়-অত্যাচাৰৰ পৰা তাৰ প্ৰতিৱেশী শান্তিত থাকিব নোৱাৰে, তেনেকুৱা ব্যক্তিৰ ঈমান নাই বুলি হাদীছটোত কোৱা হৈছে। ই প্ৰমাণ কৰে যে, এইটো হৈছে এটা কবীৰাহ গুনাহ। গতিকে যিয়ে এনেকুৱা কৰ্ম কৰে সি ত্ৰুটিযুক্ত ঈমানৰ অধিকাৰী।

প্ৰতিৱেশীৰ সৈতে সদাচৰণ কৰিবলৈ আৰু কথাৰ জৰিয়তেই হওক বা কৰ্মৰ জৰিয়তে সকলো ধৰণৰ অনিষ্টৰ পৰা বিৰত থাকিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।

সম্পাদক

ছহীহ বুখাৰী (8/ 10) (6016).

অধিক (2)

التوضيح لشرح الجامع الصحيح (28/ 321).

النهاية في غريب الحديث والأثر (93).