অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।"
«مَلْعُون مَنْ أتَى امرأتَه في دُبُرِها».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্কবাণী দিছে যে, স্বামীয়ে যেন স্ত্ৰীৰ মলদ্বাৰেৰে যৌন মিলন নকৰে। কাৰণ এইটো হৈছে আল্লাহৰ ৰহমতৰ পৰা বিতাৰিত হোৱাৰ আৰু অভিশপ্ত হোৱাৰ কাৰণ। তথা এইটো হৈছে এটা মহাপাপ।
স্ত্ৰীৰ মলদ্বাৰত যৌন মিলন কৰা হাৰাম।
মলদ্বাৰৰ পৰিবৰ্তে স্ত্ৰীৰ শৰীৰৰ যিকোনো অংগৰ দ্বাৰা উপকৃত হোৱাত কোনো বাধা নাই।
মুছলিমসকলে স্ত্ৰীৰ সন্মুখৰ লজ্জাস্থানতহে যৌন সম্ভোগ কৰে, যিদৰে আল্লাহে নিৰ্দেশ দিছে। মলদ্বাৰত যৌন মিলন কৰাটো হৈছে স্বাভাৱিক ৰুচিৰ অভাৱ তথা বিকৃত মানসিকতাৰ পৰিচয়, লগতে বংশৰ বিপৰ্যয়। এইদৰে এইটো হৈছে সুস্থ মানসিকতাৰ পৰিপন্থী বিষয়। ইয়াৰ বাহিৰেও ইয়াত আছে স্বামী স্ত্ৰীৰ বাবে বহু ক্ষতি।
ছুনান আবি দাঊদ (3/ 489) (2162).
ছুনান আল-কুবৰা লিন নাছায়ী (8/ 200) (8966).
মুছনাদ আহমদ (15/ 457) (9733).
অধিক (8)
نيل الأوطار.
للشوكاني (6/ 237).
سبل السلام.
للصنعاني (2/ 202).
توضِيحُ الأحكَامِ مِن بُلوُغ المَرَام.
للبسام (5/ 346).
فتح ذي الجلال والاكرام بشرح بلوغ المرام.
لابن عثيمين (4/ 535).