Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 19 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"সোণৰ বিনিময়ত সোণ, ৰূপৰ বিনিময়ত ৰূপ, ঘেঁহুৰ বিনিময়ত ঘেঁহু, যৱৰ বিনিময়ত যৱ, খেজুৰৰ বিনিময়ত খেজুৰ, নিমখৰ বিনিময়ত নিমখ, সমপৰিমাণে হ'ব লাগিব, হাতে হাতে (নগদ) আদান-প্ৰদান হ'ব লাগিব। যদি দ্ৰৱ্য বেলেগ বেলেগ হয়, আৰু নগদ ক্ৰয়-বিক্ৰয় হয় তেন্তে তোমালোকে যিদৰে ইচ্ছা সেইদৰেই ক্ৰয়-বিক্ৰয় কৰিব পাৰা।"
ছহীহ (মুছলিম)
"শপতৰ কাফ্ফাৰাই হৈছে নজৰ তথা মান্নতৰ কাফ্ফাৰাহ।"
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মান্নত কৰিবলৈ নিষেধ কৰিছে, আৰু কৈছেঃ "নযৰ তথা মান্নতে কেতিয়াও কল্যাণ কঢ়িয়াই নানে, ইয়াৰ দ্বাৰা কেৱল কৃপণ ব্যক্তিৰ পৰা ধনহে উলিয়াই লোৱা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
হে আল্লাহৰ ৰাছুল! ছাআদৰ মাক মৃত্যুবৰণ কৰিছে, গতিকে তেওঁৰ হকে কোনটো চাদাক্বাহ উত্তম হ'ব? তেখেতে ক'লেঃ "পানী"। ইয়াৰ পিছত তেওঁ এটা কুঁৱা খান্দি ক'লে যে, এইটো উম্মু ছাআদৰ বাবে অকফ কৰিলোঁ।
সকলো চনদৰ সমন্বয়ত হাদীছটো হাছান। আবু দাঊদ, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে বনু ছুলাইম গোত্ৰৰ যাকাত সংগ্ৰহ কৰিবলৈ এজন লোকক দায়িত্ব অৰ্পন কৰিছিল, যাৰ নাম আছিল ইবনুল লুতবিয়্যা। যেতিয়া সি উভতি আহিল, তেতিয়া তেখেতে তাৰ পৰা হিচাপ বিচাৰিলে। হিচাপ দিয়াৰ সময়ত সি ক'লে: "এইবোৰ হৈছে আপোনালোকৰ সম্পদ, আৰু এইবোৰ হৈছে মোক দিয়া উপহাৰ।" তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যদি তুমি সত্যবাদী তেন্তে কোৱাচোন, তুমি যদি তোমাৰ পিতৃ-মাতৃৰ ঘৰত বহি থাকিলাহেঁতেন, তেন্তে তোমালৈ এই উপহাৰবোৰ আহিলহেঁতেন নে?" ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সম্বোধন কৰি ভাষণ প্ৰদান কৰিলে: প্ৰথমে তেখেতে আল্লাহৰ প্ৰশংসা কৰিলে আৰু তেওঁৰ গুণাৱলী বৰ্ণনা কৰিলে, তাৰ পিছত তেখেতে ক'লেঃ "মই তোমালোকৰ মাজৰ কাৰোবাক এনেকুৱা কোনো কৰ্মত নিয়োগ কৰোঁ, যিটোৰ তত্ত্বাৱধায়ক হিচাপে আল্লাহে মোক মনোনীত কৰিছে, কিন্তু সি আহি কয়: 'এইবোৰ হৈছে আপোনালোকৰ ধন, আৰু এইবোৰ হৈছে মোক দিয়া উপহাৰ, যিবোৰ মোক উপহাৰ দিয়া হৈছে।' কোৱাচোন, সি যদি নিজৰ পিতৃ-মাতৃৰ ঘৰত বহি থাকিলহেঁতেন তেন্তে তাৰ ওচৰলৈ সেইবোৰ উপহাৰ আহিলহেঁতেন নে? আল্লাহৰ শপত! তোমালোকৰ কোনোবাই যদি অন্যায়ভাৱে কোনো বস্তু গ্ৰহণ কৰে, তেন্তে কিয়ামতৰ দিনা সি সেইবোৰ বহন কৰি আল্লাহক সাক্ষাৎ কৰিব। মই নিশ্চিতভাৱে চিনি পাম তোমালোকৰ মাজৰ যিয়ে উট বহন কৰি আল্লাহক সাক্ষাৎ কৰিব, আৰু সেই উট চিঞৰি থাকিব। অথবা গৰু বহন কৰি আনিব, সেই গৰুৱে হাম্বা হাম্বা বুলি ভেবাই থাকিব, নাইবা ছাগলী বহন কৰি আনিব, যিয়ে মে মে কৰি থাকিব।" ইয়াৰ পিছত তেখেতে নিজৰ হাত উত্তোলন কৰিলে আৰু তেখেতৰ কাষলতিৰ শুভ্ৰতা পৰিলক্ষিত হ'ল, তেখেতে ক'লে: "হে আল্লাহ, মই তোমাৰ বাৰ্তা স্পষ্টভাৱে পোঁচাই দিয়া নাইনে?" এইটো (ঘটনাটো) মই নিজ চকুৰে দেখিছোঁ আৰু নিজ কাণেৰে শুনিছোঁ)।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিছিল। এটা সময়ত মই ধাৰণা কৰিলোঁ যে, তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যেতিয়া কোনো মানুহ মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।"
ছহীহ (মুছলিম)
"যিয়ে মিছা শপত খাই কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিছে, আল্লাহে তাৰ ওপৰত জাহান্নাম ওৱাজিব কৰিছে আৰু জান্নাত হাৰাম কৰিছে।" তেতিয়া এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেয়া যদি কিবা সৰু সুৰা বস্তু হয়? তেখেতে ক'লেঃ "মিছৱাকৰ সমান বস্তু হ'লেও।"
ছহীহ (মুছলিম)