Skip to content

তোমালোকে এই নিকৃষ্ট অশ্লীলতাক পৰিহাৰ কৰা, যিটোক আল্লাহে নিষেধ কৰিছে। এতেকে যাৰ দ্বাৰা এনেকুৱা অশ্লীল কৰ্ম হৈ যায়, তেওঁ আল্লাহৰ পৰ্দাত লুকাব লাগে, আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে। কিয়নো যিয়ে আমাৰ ওচৰত নিজৰ গুনাহ প্ৰকাশ কৰিব, আমি তাক সৰ্বশক্তিমান আল্লাহৰ কিতাব অনুসৰি শাস্তি বিহিম।

আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আছলামীক ৰজম (শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান) কৰাৰ পিছত থিয় হৈ ক'লেঃ

"তোমালোকে এই নিকৃষ্ট অশ্লীলতাক পৰিহাৰ কৰা, যিটোক আল্লাহে নিষেধ কৰিছে। এতেকে যাৰ দ্বাৰা এনেকুৱা অশ্লীল কৰ্ম হৈ যায়, তেওঁ আল্লাহৰ পৰ্দাত লুকাব লাগে, আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে। কিয়নো যিয়ে আমাৰ ওচৰত নিজৰ গুনাহ প্ৰকাশ কৰিব, আমি তাক সৰ্বশক্তিমান আল্লাহৰ কিতাব অনুসৰি শাস্তি বিহিম।"

«اجْتَنِبُوا ‌هَذِهِ ‌الْقَاذُورَةَ الَّتِي نَهَى اللَّهُ عَنْهَا فَمَنْ أَلَمَّ فَلْيَسْتَتِرْ بِسِتْرِ اللَّهِ وَلْيُتُبْ إِلَى اللَّهِ، فَإِنَّهُ مَنْ يُبْدِ لْنَا صَفْحَتَهُ نُقِمْ عَلَيْهِ كِتَابَ اللَّهِ عز وجل».

হাকিম আৰু বাইহাক্বীয়ে বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মায়িঝ বিন মালিক আল-আছলামীক ব্যভিচাৰৰ শাস্তি হিচাপে ৰজম (শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান) কৰাৰ পিছত থিয় হৈ মানুহক ভাষণ প্ৰদান কৰি ক'লেঃ তোমালোকে এনেকুৱা অশ্লীল কাৰ্যকলাপ পৰিহাৰ কৰা, এইবোৰ হৈছে নিকৃষ্ট গুনাহৰ কাম, যিবোৰ আল্লাহে নিষেধ কৰিছে। যদি কোনোবাই এনেকুৱা কামত পতিত হয়, তেন্তে সেই ব্যক্তিৰ বাবে দুটা কাম অনিবাৰ্য্য হৈ পৰে। ১) সেই গুনাহটোক গোপন কৰিব লাগে, তথা আল্লাহৰ পৰ্দাৰ শৰণাপন্ন হ'ব লাগে, লগতে সেই গুনাহ সম্পৰ্কে কাকো জনাব নালাগে। ২) দ্ৰুত আল্লাহৰ ওচৰত তাওবা কৰিব লাগে, সেই গুনাহৰ ওপৰত অটল থাকিব নালাগে। কাৰণ যাৰ গুনাহ আমাৰ সন্মুখত প্ৰকাশ পাব, তাৰ ওপৰত আমি সেই শাস্তি কাৰ্যকৰী কৰিম, যিটো সৰ্বশক্তিমান আল্লাহে সেই গুনাহৰ বাবে নিৰ্ধাৰণ কৰিছে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

গুনাহগাৰ ব্যক্তিয়ে নিজৰ গুনাহ নিজেই গোপন কৰিব লাগে, তথা আল্লাহৰ ওচৰত সেই গুনাহৰ বাবে তাওবা কৰিব লাগে।

অপৰাধ সম্পৰ্কীয় গোচৰ যদি প্ৰশাসনৰ ওচৰত দাখিল হয় তেতিয়া ইয়াৰ শাস্তি অনিবাৰ্য্য হৈ পৰে।

গুনাহৰ পৰা বিৰত থকা আৰু ইয়াৰ পৰা তাওবা কৰা অনিবাৰ্য্য।

সম্পাদক

বাইহাকীৰ আচ-ছুনানুল কুবৰা (8/ 572).

অধিক (8)

المستدرك على الصحيحين للحاكم (4/ 272) (7615).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (8/ 435).

فتح ذي الجلال والاكرام بشرح بلوغ المرام.

لابن عثيمين (5/ 370).

توضِيحُ الأحكَامِ مِن بُلوُغ المَرَام.

للبسام (6/ 249).

شرح الزرقاني على موطأ الإمام مالك (4/ 235).