যেতিয়া দুজন মুছলিমে সাক্ষাৎ কৰি পৰস্পৰে মুচাফাহা কৰে, তেওঁলোক ইজনে সিজনক এৰি যোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।
বাৰা' ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যেতিয়া দুজন মুছলিমে সাক্ষাৎ কৰি পৰস্পৰে মুচাফাহা কৰে, তেওঁলোক ইজনে সিজনক এৰি যোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।"
«مَا مِنْ مُسْلِمَيْنِ يَلْتَقِيَانِ فَيَتَصَافَحَانِ إِلَّا غُفِرَ لَهُمَا قَبْلَ أَنْ يَفْتَرِقَا».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যেতিয়া দুজন মুছলিম ব্যক্তিয়ে ৰাস্তাত অথবা কোনো ঠাইত সাক্ষাৎ কৰি পৰস্পৰক ছালাম কৰি মুচাফাহা কৰে, তেওঁলোক দুজনে শাৰীৰিকভাৱে গুচি যোৱাৰ আগতে অথবা মুচাফাহাৰ পৰা নিজৰ নিজৰ হাত টানি লোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।
সাক্ষাতৰ সময়ত মুচাফাহা কৰা মুস্তাহাব, লগতে মুচাফাহা কৰিবলৈ উৎসাহিত কৰা হৈছে।
মুনাৱী ৰাহিমাহুল্লাহে কৈছেঃ ছুন্নত তেতিয়াহে পালন হয় যেতিয়া কোনো অসুবিধা নোহোৱাকৈ সোঁ হাতেৰে সোঁ হাতত মুচাফাহা কৰা হয়।
ছালাম প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে, লগতে এজন মুছলিমে আন এজন মুছলিম ভাতৃৰ সৈতে কৰা মুচাফাহাৰ মহা ছোৱাবৰ কথা উল্লেখ কৰা হৈছে।
হাৰাম মুচাফাহা এই হাদীছটোৰ অন্তৰ্ভুক্ত নহয়। উদাহৰণস্বৰূপে নাৰীসকলৰ সৈতে মুচাফাহা কৰা।
ছুনান আবি দাঊদ (7/ 502) (5212).
ছুনান তিৰমিজী (4/ 447) (2727).
ছুনান ইবনে মাজাহ (4/ 654) (3703).
মুছনাদ আহমদ (30/ 517) (18547).
অধিক (4)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 152).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 680).