নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আনচাৰসকলৰ বিষয়ে কৈছেঃ "কেৱল মুমিনসকলেহে তেওঁলোকক ভাল পাব, আৰু কেৱল মুনাফিকসকলেহে তেওঁলোকক ঘৃণা কৰিব। গতিকে যিয়ে তেওঁলোকক ভাল পায়, আল্লাহে তাক ভাল পায়, আৰু যিয়ে তেওঁলোকক ঘৃণা কৰে, আল্লাহে তাক ঘৃণা কৰে।
বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আনচাৰসকলৰ বিষয়ে কৈছেঃ "কেৱল মুমিনসকলেহে তেওঁলোকক ভাল পাব, আৰু কেৱল মুনাফিকসকলেহে তেওঁলোকক ঘৃণা কৰিব। গতিকে যিয়ে তেওঁলোকক ভাল পায়, আল্লাহে তাক ভাল পায়, আৰু যিয়ে তেওঁলোকক ঘৃণা কৰে, আল্লাহে তাক ঘৃণা কৰে।"
عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّهُ قَالَ فِي الْأَنْصَارِ: «لَا يُحِبُّهُمْ إِلَّا مُؤْمِنٌ، وَلَا يُبْغِضُهُمْ إِلَّا مُنَافِقٌ، مَنْ أَحَبَّهُمْ أَحَبَّهُ اللهُ وَمَنْ أَبْغَضَهُمْ أَبْغَضَهُ اللهُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মদীনাৰ আনচাৰসকলক মুহাব্বত কৰাটো হৈছে পূৰ্ণাংগ ঈমানৰ পৰিচয়। কাৰণ তেওঁলোকেই সৰ্বপ্ৰথম ইছলাম আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সহায়ৰ হাত আগবঢ়াইছিল। লগতে মুছলিমসকলক আশ্ৰয় প্ৰদানৰ বাবে যোঁজা লৈছিল। আনকি নিজৰ ধন-সম্পদকে আদি কৰি নিজৰ প্ৰাণো আল্লাহৰ পথত আহুতি দিছিল। গতিকে তেওঁলোকৰ প্ৰতি বিদ্বেষ পোষণ কৰাটো হৈছে মুনাফিকৰ পৰিচয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, যিয়ে আনচাৰসকলক মুহাব্বত কৰিব, তাক আল্লাহেও মুহাব্বত কৰিব। আনহাতে যিয়ে আনচাৰসকলৰ প্ৰতি বিদ্বেষ পোষণ কৰিব, তাৰ প্ৰতি আল্লাহেও বিদ্বেষ পোষণ কৰিব।
...:
হাদীছটোত আনচাৰসকলৰ গুৰুত্বপূৰ্ণ ফজিলত বৰ্ণিত হৈছে। তেওঁলোকক মুহাব্বত কৰাটো হৈছে ঈমানৰ পৰিচয় আৰু তেওঁলোকৰ সৈতে সম্পৰ্কচ্ছেদ কৰাটো হৈছে নিফাকৰ পৰিচয়।
আল্লাহৰ অলীসকলক মুহাব্বত কৰা আৰু তেওঁলোকক সহায় কৰাটো হৈছে আল্লাহৰ মুহাব্বত লাভ কৰাৰ অন্যতম উপায়।
ইছলাম গ্ৰহণত আগভাগ লোৱা লোকসকলৰ ফজিলত।
ছহীহ বুখাৰী (5/ 32) (3783).
ছহীহ মুছলিম (1/ 85) (75).
অধিক (9)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 447).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص257).
كنوز رياض الصالحين.
لمجموعة من الباحثين (6/ 258).
شرح النووي على مسلم (2/ 63).
نزهة المتقين شرح رياض الصالحين.
مجموعة من الباحثين (1/ 350).