Skip to content

উকল বা উৰাইনাহ গোত্রৰ কিছু সংখ্যক লোকে (ইছলাম গ্রহণ কৰাৰ কাৰণে) মদিনালৈ অহাত সিহঁত অসুস্থ হৈ পৰিল।

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ

উকল বা উৰাইনাহ গোত্রৰ কিছু সংখ্যক লোকে (ইছলাম গ্রহণ কৰাৰ কাৰণে) মদিনালৈ অহাত সিহঁত অসুস্থ হৈ পৰিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতক (চাদাকাৰ) উটৰ ওচৰত যাবলৈ আৰু তাৰ প্ৰস্ৰাব আৰু গাখীৰ পান কৰিবলৈ নির্দেশ দিলে। সিহঁতে তালৈ গুচি গ’ল। তাৰ পিছত সিহঁত সুস্থ হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰাখোৱালক হত্যা কৰিলে আৰু উটবোৰক খেদি লৈ গ’ল। এই খবৰ (তেখেতৰ ওচৰলৈ) দিনৰ প্রথম ভাগতেই আহি পালে। তেখেতে সিহঁতৰ পিছে পিছে মানুহ পঠালে। দুপৰীয়াৰ আগতে সিহঁতক (বন্দী কৰি) অনা হ’ল। তাৰ পিছত তেখেতৰ আদেশত সিহঁতৰ হাত-ভৰি কাটি দিয়া হ’ল। উত্তপ্ত শলাৰ দ্বাৰা সিহঁতৰ চকু পুৰি দিয়া হ’ল আৰু গৰম পাথৰৰ ভূমিত সিহঁতক নিক্ষেপ কৰা হ’ল। সিহঁতে পানী বিচাৰিছিল, কিন্তু দিয়া নহ’ল। আবু কিলাবা (ৰাহিমাহুল্লাহ)-এ কৈছে, ইহঁতে চুৰি কৰিছিল, হত্যা কৰিছিল, ঈমান অনাৰ পিছত কুফৰী কৰিছিল আৰু আল্লাহ্ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল।

قَدِمَ أُنَاسٌ مِنْ عُكْلٍ أَوْ عُرَيْنَةَ، فَاجْتَوَوْا المَدِينَةَ فَأَمَرَهُمُ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِلِقَاحٍ، وَأَنْ يَشْرَبُوا مِنْ أَبْوَالِهَا وَأَلْبَانِهَا، فَانْطَلَقُوا، فَلَمَّا صَحُّوا قَتَلُوا رَاعِيَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَاسْتَاقُوا النَّعَمَ، فَجَاءَ الخَبَرُ فِي أَوَّلِ النَّهَارِ، فَبَعَثَ فِي آثَارِهِمْ، فَلَمَّا ارْتَفَعَ النَّهَارُ جِيءَ بِهِمْ، فَأَمَرَ فَقَطَعَ أَيْدِيَهُمْ وَأَرْجُلَهُمْ، وَسُمِرَتْ أَعْيُنُهُمْ، وَأُلْقُوا فِي الحَرَّةِ، يَسْتَسْقُونَ فَلاَ يُسْقَوْنَ، قَالَ أَبُو قِلاَبَةَ: فَهَؤُلاَءِ سَرَقُوا وَقَتَلُوا، وَكَفَرُوا بَعْدَ إِيمَانِهِمْ، وَحَارَبُوا اللَّهَ وَرَسُولَهُ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে উকল আৰু উৰাইনা গোত্ৰৰ কিছুমান লোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। সিহঁত ইয়াত আহি বেমাৰত পৰিল আৰু সিহঁতৰ পেট ফুলি গ'ল। ফলত সিহঁতে মদীনাত অৱস্থান কৰিবলৈ অপছন্দ কৰিলে, কাৰণ ইয়াৰ বতৰ আৰু খাদ্য সামগ্ৰী সিহঁতৰ অনুকূল নাছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতক চাদাক্বাৰ উট প্ৰতিপালন কৰা ঠাইলৈ যোৱাৰ নিৰ্দেশ দিলে, যাতে সিহঁতে তালৈ গৈ উটৰ গাখীৰ আৰু প্ৰস্ৰাৱ সেৱন কৰে। সেয়ে সিহঁত তালৈ গুচি গ'ল। যেতিয়া সিহঁত খাই বৈ শকত হ'ল আৰু সিহঁতৰ চেহেৰা ঘূৰি আহিল, তেতিয়া সিহঁতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিযুক্ত কৰা ৰখীয়াক হত্যা কৰি উটবোৰ লৈ পলায়ন কৰিলে। ইপিনে দিনৰ প্ৰথমভাগতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ খবৰ আহি পালে। তেখেতে খবৰ পাই সিহঁতক চোঁচা ল'বলৈ মানুহ প্ৰেৰণ কৰিলে। ফলত সিহঁত গ্ৰেপ্তাৰ হ'ল। প্ৰায় দুপৰীয়াৰ ভাগত সিহঁতক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আনি উপস্থিত কৰা হ'ল। তেখেতে ইয়াৰ শাস্তি হিচাপে সিহঁতৰ হাত ভৰি কাটিবলৈ আৰু চকু ফুটা কৰি দিবলৈ নিৰ্দেশ দিলে। কাৰণ সিহঁতেও ৰখীয়াজনৰ সৈতে এনেকুৱা কৰিছিল। লগতে প্ৰচণ্ড উত্তপ্ত শিলৰ প্ৰান্তৰত সিহঁতক নিক্ষেপ কৰা হ'ল। সিহঁতে পানী বিচাৰিছিল কিন্তু সিহঁতক পানী পৰ্যন্ত দিয়া হোৱা নাছিল। অৱশেষত সিহঁত এই অৱস্থাতে মৃত্যুবৰণ কৰিছিল। আবু ক্বিলাবাই কৈছেঃ সিহঁতে চুৰি কৰিছিল, হত্যা কৰিছিল আৰু ঈমান পোষণ কৰাৰ পিছত পুনৰ কুফৰীলৈ উভতি গৈছিল, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে যুদ্ধ কৰিছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

যিবোৰ জন্তুৰ মাংস খোৱা বৈধ, সেইবোৰ জন্তুৰ প্ৰস্ৰাৱ পৱিত্ৰ।

উটৰ প্ৰস্ৰাৱ আৰু গাখীৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা বৈধ।

কিচাচৰ ক্ষেত্ৰত অনুৰূপ প্ৰতিশোধ লোৱা বৈধ। কিন্তু মুছলা (শৱদেহক বিকৃত) কৰিবলৈ নিষেধ কৰা হৈছে। এই নিষেধাজ্ঞা তেতিয়াহে প্ৰযোজ্য, যেতিয়া ন্যায়ৰ পৰিবৰ্তে ক্ৰোধৰ বশৱৰ্তী হৈ অপমান কৰাৰ উদ্দেশ্যে শৱদেহক বিকৃত কৰা হয়।

এজন লোকৰ বিপৰীতে এদল লোককো মৃত্যুদণ্ড দিব পাৰি, সেয়া দলবদ্ধভাৱে প্ৰতাৰণা কৰি হত্যা কৰক নাইবা ডকাইতি কৰি।

সম্পাদক

ছহীহ বুখাৰী (1/ 56) (233).

ছহীহ মুছলিম (3/ 1296) (1671).

অধিক (4)

إرشاد الساري لشرح صحيح البخاري (1/ 298).

عمدة القاري شرح صحيح البخاري (3/ 154).

التوضيح لشرح الجامع الصحيح (4/ 455).

النهاية في غريب الحديث والأثر (1/ 318).