কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বাওঁ হাতেৰে খানা খোৱাত তেখেতে তাক ক'লেঃ "সোঁ হাতেৰে খোৱা।" সি উত্তৰত ক'লেঃ মই খাব নোৱাৰোঁ। তেখেতে ক'লেঃ "তই যেন খাবও নোৱাৰ'।
ছালামাহ ইবনুল আকৱা -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বাওঁ হাতেৰে খানা খোৱাত তেখেতে তাক ক'লেঃ "সোঁ হাতেৰে খোৱা।" সি উত্তৰত ক'লেঃ মই খাব নোৱাৰোঁ। তেখেতে ক'লেঃ "তই যেন খাবও নোৱাৰ'।" কাৰণ সি অহংকাৰ কৰি তেখেতৰ নিৰ্দেশ অমান্য কৰিছিল। (বৰ্ণনাকাৰীয়ে) কৈছেঃ ইয়াৰ পিছৰ পৰা সি কেতিয়াও নিজৰ সোঁ হাত মুখৰ ওচৰলৈকে আনিব পৰা নাছিল।
أَنَّ رَجُلًا أَكَلَ عِنْدَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِشِمَالِهِ، فَقَالَ: «كُلْ بِيَمِينِكَ»، قَالَ: لَا أَسْتَطِيعُ، قَالَ: «لَا اسْتَطَعْتَ»، مَا مَنَعَهُ إِلَّا الْكِبْرُ، قَالَ: فَمَا رَفَعَهَا إِلَى فِيهِ.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক বাওঁ হাতেৰে খানা খোৱা দেখি তাক সোঁ হাতেৰে খাবলৈ নিৰ্দেশ দিলে, কিন্তু সি অহংকাৰ কৰি মিছাতে ক'লে যে, সি সোঁ হাতেৰে খাব নোৱাৰে। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক বদ্দুআ দি ক'লে, সি যেন সোঁ হাতেৰে কেতিয়াও খাব নোৱাৰে। ফলত আল্লাহেও নবীৰ দুআ কবূল কৰিলে আৰু সেই ব্যক্তিৰ হাত অক্ষম কৰি দিলে। এতেকে ইয়াৰ পিছত সি কেতিয়াও আৰু খোৱা বোৱা কৰিবলৈ নিজৰ সোঁ হাত মুখৰ ওচৰলৈকে লব পৰা নাছিল।
...:
সোঁ হাতেৰে খোৱা ওৱাজিব আৰু বাওঁ হাতেৰে খোৱা হাৰাম।
চৰীয়তি বিধান পালনৰ ক্ষেত্ৰত অহংকাৰ কৰিলে, বান্দা শাস্তি পোৱাৰ যোগ্য হৈ যায়।
মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দিয়া সন্মানসমূহৰ ভিতৰত অন্যতম এটা সন্মান হৈছে এই যে, তেওঁ নবীৰ দুআ কবূল কৰিছিল।
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ সদায় কৰিব লাগে, আনকি খোৱা-বোৱাৰ সময়তো।
ছহীহ মুছলিম (3/ 1599) (2021).
অধিক (6)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 239).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 183).
كنوز رياض الصالحين.
لمجموعة من الباحثين (3/ 396).