আল্লা-হুম্মা আনতাছ ছালামু অমিনকাছ ছালাম, তাবাৰাকতা য়া যাল জালালি অল ইকৰাম।
ছাওবান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজ শেষ কৰি তিনিবাৰকৈ ইস্তিগফাৰ পঢ়িছিল। ইয়াৰ পিছত কৈছিলঃ "আল্লা-হুম্মা আনতাছ ছালামু অমিনকাছ ছালাম, তাবাৰাকতা য়া যাল জালালি অল ইকৰাম।", অলীদে কৈছে যে, মই আওঝায়ী ৰাহিমাহুল্লাহক সুধিলোঁঃ ইস্তিগফাৰ কেনেকৈ কৰিব লাগে? তেখেতে ক'লেঃ এনেকৈ কোৱা "আস্তাগফিৰুল্লাহ, আস্তাগফিৰুল্লাহ"।
كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا انْصَرَفَ مِنْ صَلَاتِهِ اسْتَغْفَرَ ثَلَاثًا، وَقَالَ: «اللَّهُمَّ أَنْتَ السَّلَامُ، وَمِنْكَ السَّلَامُ، تَبَارَكْتَ ذَا الْجَلَالِ وَالْإِكْرَامِ»، قَالَ الْوَلِيدُ: فَقُلْتُ لِلْأَوْزَاعِيِّ: كَيْفَ الْاسْتِغْفَارُ؟ قَالَ: تَقُولُ: أَسْتَغْفِرُ اللهَ، أَسْتَغْفِرُ اللهَ.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজ শেষ কৰি এইদৰে কৈছিলঃ আস্তাগফিৰুল্লাহ, আস্তাগফিৰুল্লাহ, আস্তাগফিৰুল্লাহ। ইয়াৰ পিছত মহান প্ৰতিপালকৰ এইদৰে গুণগান কৰিছিলঃ "আল্লা-হুম্মা আনতাছ ছালামু অমিনকাছ ছালাম, তাবাৰাকতা য়া যাল জালালি অল ইকৰাম।" অৰ্থাৎ মহান আল্লাহ সকলো ক্ষেত্ৰতে পূৰ্ণাংগ গুণৰ অধিকাৰী, তেওঁ সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। দুনিয়া আৰু আখিৰাতৰ সকলো প্ৰকাৰ অনিষ্টতাৰ পৰা একমাত্ৰ আল্লাহৰ ওচৰতে নিৰাপত্তা তথা সুৰক্ষা প্ৰাৰ্থনা কৰিব লাগে, তেওঁৰ বাহিৰে আন কাৰো ওচৰতেই নহয়। দুনিয়া আৰু আখিৰাত উভয় ঠাইতে তেওঁৰ কল্যাণ অগণন। তেৱেঁই অত্যন্ত মহান আৰু উপকাৰকাৰী।
...:
নামাজৰ পিছত ইস্তিগফাৰ পাঠ কৰা মুস্তাহাব, এইটো নিয়মিতভাৱে পাঠ কৰিব লাগে।
ইবাদতত হোৱা ত্ৰুটি আৰু অৱহেলা আদিৰ পৰিপূৰক হিচাপে ইস্তিগফাৰ কৰা তথা আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা মুস্তাহাব।
ছহীহ মুছলিম (1/ 414) (591).
অধিক (6)
مرعاة المفاتيح شرح مشكاة المصابيح.
لعبيد الله المباركفوري (3/ 317).
سبل السلام.
للصنعاني (1/ 294).
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (2/ 301).