নিশ্চয় তোমালোকৰ ভিতৰত থকা ঈমানো ক্ষয় হয়, যিদৰে তোমালোকে পৰিধান কৰা কাপোৰ ক্ষয় হয়। গতিকে তোমালোকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, তেওঁ যেন তোমালোকৰ অন্তৰত থকা ঈমানক নবীকৰণ কৰি দিয়ে।
আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
নিশ্চয় তোমালোকৰ ভিতৰত থকা ঈমানো ক্ষয় হয়, যিদৰে তোমালোকে পৰিধান কৰা কাপোৰ ক্ষয় হয়। গতিকে তোমালোকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, তেওঁ যেন তোমালোকৰ অন্তৰত থকা ঈমানক নবীকৰণ কৰি দিয়ে।
«إِنَّ الْإِيمَانَ لَيَخْلَقُ فِي جَوْفِ أَحَدِكُمْ كَمَا يَخْلَقُ الثَّوْبُ الْخَلِقُ، فَاسْأَلُوا اللَّهَ أَنْ يُجَدِّدَ الْإِيمَانَ فِي قُلُوبِكُمْ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুছলিমৰ অন্তৰত থকা ঈমানো পুৰণি হয় তথা দুৰ্বল হয়, যিদৰে এটা নতুন কাপোৰ দীৰ্ঘ দিন ব্যৱহাৰ কৰিলে দুৰ্বল হৈ পৰে। ইয়াৰ অন্যতম কাৰণ হৈছে ইবাদতত অৱহেলা কৰা, পাপকৰ্মত লিপ্ত হোৱা আৰু প্ৰবৃত্তিৰ চাহিদাৰ ফালে মোহিত হৈ থকা। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিশ-নিৰ্দেশনা দি কৈছে, আমি যেন আমাৰ ঈমান নবীকৰণ কৰিবলৈ আল্লাহৰ ওচৰত দুআ কৰোঁ, ফৰজ বিধানবোৰ পালন কৰোঁ, লগতে বেছি বেছি জিকৰ-আজকাৰ আৰু ইস্তিগফাৰ পাঠ কৰোঁ।
...:
ঈমান নবীকৰণ কৰিবলৈ আৰু ঈমানৰ ওপৰত অটল থাকিবলৈ উক্ত হাদীছটোত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
স্বীকাৰোক্তি, আমল আৰু বিশ্বাস, এই তিনিটাৰ সমষ্টিয়ে হৈছে ঈমান। সৎকৰ্ম কৰিলে ঈমান বৃদ্ধি হয় আৰু পাপকৰ্ম কৰিলে ঈমান হ্ৰাস হয়।
অধিক (7)
المستدرك على الصحيحين للحاكم (1/ 45) (5).
المعجم الكبير للطبراني (13/ 36) (84).
النهاية في غريب الحديث والأثر.
ص(282).
النهاية (1/316).
فيض القدير (2/323).
التنوير شرح الجامع الصغير (3/434).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الأول)«إِنَّ الإِيمَانَ لَيَخْلُقُ فِي جَوْفِ أَحَدِكُمْ كَمَا يَخْلُقُ الثَّوْبُ؛ فَاسْأَلُوا اللَّهَ أَنْ يُجَدِّدَ الإِيمَانَ فِي قُلُوبِكُمْ»
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الأول)«إِنَّ الإِيمَانَ لَيَخْلُقُ فِي جَوْفِ أَحَدِكُمْ كَمَا يَخْلُقُ الثَّوْبُ؛ فَاسْأَلُوا اللهَ أَنْ يُجَدِّدَ الإِيمَانَ فِي قُلُوبِكُمْ»